নিয়মীয়া বাৰ্তা, ১৮অক্টোবৰঃ বলীউডৰ অভিনেত্রী কংগনা ৰাণাৱাটে দুই সম্প্রদায়ৰ জনতাৰ মাজত সাম্প্রদায়িক বিভেদ সৃষ্টি কৰাৰ অভিযোগ তুলি দাখিল কৰা আবেদনৰ শুনানি গ্রহণ কৰি আজি মুম্বাইৰ এখন আদালতে অভিনেত্রীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নির্দেশ দিছে৷ ছ’চিয়েল মিডিয়া টুইটাৰৰ জৰিয়তে অভিনেত্রী কংগনাৰ লগতে তেওঁৰ ভগ্ণী ৰংগুলী চান্দেলেও সাম্প্রদায়িক সংহতি বিনষ্ট কৰাৰ বাবে মন্তব্য কৰাৰ অভিযোগ তুলি শ্বাহিল আশ্রাফুল ছৈয়দ নামৰ লোক এজনে আদালতত আবেদন কৰিছিল৷ বান্দ্রা মেট্র’ পলিটান মেজিষ্ট্রেট জয়দেউ ৱাই ঘুলেই আবেদনকাৰীৰ আবেদনৰ ভিত্তিত আজি কংগনা আৰু তেওঁৰ ভগ্ণীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নির্দেশ দিয়ে৷
You might also like