নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী মোদীৰ ব্যক্তিগত ৱেবছাইটৰ তথ্য ডার্ক ৱেবত ফাদিল

নিয়মীয়া বাৰ্তা, ১৮অক্টোবৰঃ এমাহ পূর্বে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ব্যক্তিগত টুইটাৰ একাউণ্ট হেক হোৱাৰ পাছত এইবাৰ প্রধানমন্ত্রীগৰাকীৰ ব্যক্তিগত ৱেবছাইট হেক কৰা হৈছে৷ প্রধানমন্ত্রী মোদীৰ ব্যক্তিগত ৱেবছাইটত থকা বিভিন্ন গুৰুত্বপূর্ণ তথ্য ডার্ক ৱেবত ফাদিল হোৱাক লৈ ব্যাপক চর্চা হৈছে৷ ডার্ক ৱেবত ফাদিল হোৱা তথ্যৰ ভিতৰত ৫,৭৪,০০০ ইউজাৰৰ তথ্যৰ ভিতৰত ব্যক্তিসকলৰ নাম, ই–মেইল ঠিকনা আৰু ম’বাইল নম্বৰো আছে৷ আনপিনে, প্রধানমন্ত্রীগৰাকীৰ ৱেবছাইটত ২,৯২,০০০তকৈও অধিক লোকৰ তথ্য আছে৷ যিসকলে প্রধানমন্ত্রীৰ ৰাষ্ট্রীয় সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়াইছে৷

প্রধানমন্ত্রী মোদীৰ ব্যক্তিগত ৱেবছাইটnarendramodi.inযোগে উল্লিখিত লোকসকলে বৰঙণি আগবঢ়াইছিল৷ আনহাতে, প্রধানমন্ত্রী মোদীৰ ব্যক্তিগত ৱেবছাইটৰ যোগেদি ভাৰতীয় জনতা পার্টীলৈ বৰঙণি আগবঢ়োৱা ব্যক্তিসকলৰ তথ্যও ফাদিল হৈছে৷ চাইবাৰ ছিকিউৰিটী ফার্ম ছাইবলে দাবী কৰা মতে, যোৱা ১০ অক্টোবৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীক ব্যক্তিগত ৱেবছাইট হেক হৈ ডার্ক ৱেবত তথ্যসমূহ ফাদিল হৈছে৷ অৱশ্যে প্রধানমন্ত্রী মোদীৰ ৱেবছাইটৰ তথ্য ফাদিল হোৱা বুলি আনুষ্ঠানিকভাৱে কোনো বিবৃতি প্রকাশ কৰা নাই চৰকাৰে৷

You might also like