নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনবিৰোধী বিক্ষোভত উত্তাল নেপাল

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ নেপালৰ হুমলাত চীনে আগ্রাসন চলাই দেশখনৰ ভূখণ্ডত নির্মাণ কার্য চলাই থকা ঘটনাক লৈ উত্তাল হৈছে হিমালয়ান ৰাষ্ট্রখন৷ কালি বিৰোধী দলবোৰে চীনৰ এই আগ্রাসনৰ বিৰুদ্ধে দেশখনত প্রতিবাদী কার্যসূচী গ্রহণ কৰিছে৷

নেপালী কংগ্রেছৰ জ্যেষ্ঠ নেতা জীৱন বাহাদুৰ শ্বাহিয়ে কালি মুকলিকৈ নেপালৰ ভূখণ্ডত চীনৰ দখল চলি থকা বুলি অভিযোগ কৰিছে৷ দেশখনৰ নিউজ চেনেল হিমালয়ান টেলিভিছনৰ সৈতে হোৱা সাক্ষাৎকাৰত ইতিমধ্যে চীনৰ আগ্রাসন সন্দর্ভত নেতাগৰাকীয়ে অভিযোগ কৰাৰ উপৰি বিৰোধী দলসমূহে এই কার্যৰ প্রতিবাদ কৰি যাব বুলি ঘোষণা কৰিছে৷

এইক্ষেত্রত নেপাল চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগে বুলিও দাবী কৰিছে শ্বাহিয়ে৷

You might also like