নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত নতুন জৈৱ নিৰাপত্তা আইন প্রণয়ন

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ সংক্রামক ৰোগৰ মোকাবিলা তথা প্রতিৰোধৰ ক্ষেত্রত যথাযথ ব্যৱস্থা গ্রহণ কৰিবলৈ চীনৰ শীর্ষ বিধায়িনী সংস্থাই এক নতুন জৈৱ নিৰাপত্তা (বায়’ছিকিউৰিটী) আইন প্রণয়ন কৰিছে৷ কালি নিশা এই নতুন আইনখন গৃহীত কৰা হৈছে৷ সংবাদ সংস্থা ঝিনহুৱাৰ প্রতিবেদন অনুসৰি নেচনেল পিপ’লছ কংগ্রেছ ষ্টেণ্ডিং কমিটীয়ে এই আইনখনত অনুমোদন জনোৱাৰ পক্ষত কালি ভোটদান কৰে৷ লক্ষণীয়ভাৱে ২০২১ চনৰ ১৫ এপ্রিলৰ পৰা এই আইনখন দেশজুৰি বলৱৎ হ’ব৷

You might also like