‘মুখ্যমন্ত্রীৰ সহজ গৃহ নির্মাণ আঁচনি’ৰ শুভাৰম্ভ সর্বানন্দ সোণোৱালৰ
নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কালি অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত ‘মুখ্যমন্ত্রীৰ সহজ গৃহ নির্মাণ আঁচনি’ নামৰ এক অভিলাষী আঁচনিৰ শুভ উদ্বোধন কৰে৷ গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণ আৰু গুৱাহাটী পৌৰ নিগমৰ যৌথ উদ্যোগত হাতত লোৱা এই আঁচনিৰ জৰিয়তে মহানগৰীৰ বাসিন্দাসকলে ৬৭০ বর্গ মিটাৰ (২.৫ কঠা) পর্যন্ত মাটিত ভূমি মহলাসহ দুই মহলালৈকে আৱাস গৃহ নির্মাণৰ বাবে থিতাতে প্রয়োজনীয় অনুমতি লাভ কৰিব৷
একে অনুষ্ঠানত মুখ্যমন্ত্রীয়ে গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণে মাটি বিক্রীৰ অনুমতিৰ ক্ষেত্রত আপত্তিবিহীন প্রমাণ–পত্র অনলাইনযোগে যোগান ধৰাৰ বাবে প্রস্তুত কৰা এক প’র্টেলো উন্মোচন কৰে৷ মুখ্যমন্ত্রীয়ে দুয়োটা আঁচনিৰ দুগৰাকী হিতাধিকাৰী ক্রমে গৌতম বর্মন আৰু অতুল বসুমতাৰীক গৃহ নির্মাণৰ অনুমতি পত্র আৰু মাটি বিক্রীৰ আপত্তিবিহীন প্রমাণ পত্র আনুষ্ঠানিকভাৱে প্রদান কৰে৷
অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে দেশৰ ভিতৰতে প্রথমখন চহৰ হিচাপে মুখ্যমন্ত্রীৰ সহজ গৃহ নির্মাণ আঁচনি গ্রহণৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ বাসিন্দাসকলৰ এক দীর্ঘদিনীয়া সপোন দিঠকত পৰিণত হ’ল৷ সর্বসাধাৰণ ৰাইজে গৃহ নির্মাণৰ অনুমতিৰ বাবে পূর্বে সন্মুখীন হোৱা জটিলতাসমূহৰ অৱসান ঘটাই এই আঁচনিয়ে ন্যূনতম ৪ লেচা (৫৭৬ বর্গফুট) মাটিৰ গৰাকী লোক এজনকো গৃহ নির্মাণৰ বাবে যাৱতীয় অনুমতি লাভ কৰাত সহায় কৰিব৷
মুখ্যমন্ত্রী সহজ গৃহ নির্মাণ আঁচনিৰ ফলপ্রসূ ৰূপায়ণত স্থানীয় ৰিয়েল ইষ্টেট ডেভেলপাৰ আৰু আর্কিটেক্টসকলকো বিশেষ ভূমিকা গ্রহণ কৰিবলৈ আহ্বান জনায়৷ অনুষ্ঠানত ভাষণ প্রদান কৰি গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই ভাষণ আগবঢ়ায়৷
অনুষ্ঠানত গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ অধ্যক্ষ তথা ঢ়েকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহাল, গুৱাহাটী উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, আছাম ৰিয়েল ইষ্টেট ইনফ্রাষ্ট্রাকচাৰ ডেভেলপমেণ্ট এছ’চিয়েচনৰ সভাপতি প্রণৱ কুমাৰ শর্মা আৰু এছ’চিয়েচন অৱ আর্কিটেক্টছ্, অসমৰ সাধাৰণ সম্পাদক অমিতাভ শর্মায়ো ভাষণ প্রদান কৰে৷
অনুষ্ঠানত জি এম ডি এৰ উপাধ্যক্ষ মুকুতা ডেকা, মুখ্য কার্যবাহী বিষয়া উমানন্দ দলেকে ধৰি জি এম ডি এ, গুৱাহাটী পৌৰ নিগমৰ শীর্ষ বিষয়াসকলৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ এই আঁচনিৰ জৰিয়তে এতিয়াৰ পৰা মহানগৰীৰ বাসিন্দাসকলেwww.mmsgna.in অনলাইন প’র্টেলত আবেদন কৰি প্রয়োজনীয় নক্সা, নথি–পত্র আৰু মাচুল জমা দিয়াৰ পিছত তাৎক্ষণিকভাৱেই অনুমোদিত নক্সাৰ সৈতে গৃহ নির্মাণৰ অনুমতি লাভ কৰিব৷
সেইদৰে www.gmdalsp.in প’র্টেলৰ জৰিয়তে মহানগৰীৰ ৰাইজে কোনো কার্যালয়লৈ নোযোৱাকৈয়ে ঘৰৰ পৰাই মাটি বিক্রীৰ অনুমতি লাভ কৰিবলৈ সক্ষম হ’ব৷