নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনডিএৰ সংগ এৰিলে বিমল গুৰুঙৰ গোর্খা জনমুক্তি মর্চাই

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ ২০২১ চনত অনুষ্ঠিত হ’বলগীয়া পশ্চিমবংগৰ বিধানসভা নির্বাচনৰ পূর্বে বিজেপিৰ বাবে এক মোক্ষম আঘাত৷ বিজেপি নেতৃত্বাধীন এন ডি এৰ সংগ এৰিলে বিমল গুৰুঙৰ গোর্খা জনমুক্তি মর্চাই৷ কালি কলকাতাত আয়োজিত এক সংবাদ মেলত গোর্খা জনমুক্তি মর্চাৰ সভাপতি বিমল গুৰুঙে এন ডি এৰ সৈতে সম্পর্ক ত্যাগ কৰা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷

সংবাদ মেলত সভাপতি গুৰুঙে বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে বিজেপি নেতৃত্বাধীন এন ডি এই দিয়া প্রতিশ্রুতি পূর্ণ নকৰিলে৷ সেয়ে দলটোৱে এন ডি এ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে৷ ২০২১ চনৰ পশ্চিমবংগৰ বিধানসভাৰ নির্বাচনত মমতা বেনার্জী নেতৃত্বাধীন টি এম চিক সমর্থন কৰিব আৰু বিজেপিৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ গোর্খা লেণ্ডক যি ৰাজনৈতিক দলেই সমর্থন জনাব সেই দলক তেওঁলোকে সমর্থন জনাব বুলিও স্পষ্টকৈ ঘোষণা কৰে৷

উল্লেখ্য যে ২০১৭ চনত দার্জিলিঙত গোর্খালেণ্ড বিচাৰি কৰা প্রতিবাদী আন্দোলনৰ হিংসাত্মক কার্যকলাপ সংঘটিত হোৱাৰ পৰাই বিমল গুৰুং সন্ধানহীন হৈ আছিল৷ কিন্তু  কলকাতাৰ সমীপৰ ছল্টলেকৰ গোর্খা ভৱনত বিমল গুৰুং উপস্থিত থাকি সংবাদ মেলৰ আয়োজন কৰে৷ উক্ত স্থানত আৰক্ষী উপস্থিত আছিল যদিও গুৰুঙক গ্রেপ্তাৰ নকৰিলে৷ ইউ পি একে ধৰি ১৫০তকৈ অধিক গোচৰত জড়িত গুৰুঙক কিয় আৰক্ষীয়ে গ্রেপ্তাৰ নকৰিলে তাক লৈ প্রশ্ণ উত্থাপন হৈছে৷

You might also like