জাকজমকহীন পূজাস্থলীত অচিনাকি পৰিৱেশ
নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ মহামাৰীৰ ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ বাবে সমগ্র দেশৰ লগতে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতো ম্লান পৰিছে দুর্গোৎসৱৰ আনন্দ–উল্লাস৷ চৰকাৰে জাৰি কৰা নীতি–নির্দেশনা মানি মহানগৰীৰ পূজা সমিতিসমূহে ধর্মীয় পৰম্পৰা আৰু বৈদিক ৰীতি–নীতিৰে এইবাৰ দুর্গা পূজা উদ্যাপন কৰিছে৷ গুৱাহাটী মহানগৰীত পৰম্পৰা ৰক্ষা কৰি এইবাৰ জিলা প্রশাসনৰ অনুমতি লৈ ৪৬৬খন দুর্গা পূজা সমিতিয়ে অনুষ্টুপীয়াকৈ দুর্গা পূজা অনুষ্ঠিত কৰিছে৷
লাখটকীয়া বাজেটেৰে নির্মাণ কৰা পূজা মণ্ডপৰ বিপৰীতে ঘটপূজাৰে ৰক্ষা কৰিছে পৰম্পৰা৷ ইয়াৰ উপৰি পৰম্পৰা ৰক্ষা কৰি ব্যক্তিগতভাৱে প্রায় অর্ধশতাধিক পূজা অনুষ্ঠিত কৰিছে৷ ব্যক্তিগতভাৱে অনুষ্ঠিত কৰা ৯০ শতাংশই ঘট পূজাৰে পূজা অনুষ্ঠিত কৰিছে৷ মহাষষ্ঠীত দেৱী দুর্গাৰ মৃণ্ময় মূর্তি প্রতিষ্ঠা কৰাৰ পিছত আজি মহাসপ্তমীৰ দিনাও জাকজমকহীন পূজাস্থলীত ভক্তপ্রাণ ৰাইজৰ উপস্থিতি আছিল তেনেই সেৰেঙা৷ ঐতিহাসিক কামাখ্যা মন্দিৰ, চত্রাকাৰ দেৱালয়, উগ্রতাৰা দেৱালয়কে ধৰি গুৱাহাটী মহাগৰীৰ অন্যান্য দেৱালয়সমূহতো পৰম্পৰা ৰক্ষা কৰিয়েই পূজা অনুষ্ঠিত কৰিছে৷ ক’ভিড–১৯ক লৈ চৰকাৰে জাৰি কৰা নীতি–নির্দেশনা অনুসৰি এইবাৰ মহানগৰীৰ প্রতিখন পূজা সমিতিয়ে অনুষ্ঠিত কৰিছে দুর্গা পূজা৷ বিগত বর্ষসমূহৰ দৰে এইবাৰ পূজা মণ্ডপসমূহত জাকজমকতা, দৃষ্টিনন্দন আলোকসজ্জা নথকাৰ লগতে পূজা মণ্ডপৰ কাষত নাই অস্থায়ী দোকান–পোহাৰ৷ দুই–এজন ফেৰীৱালাই পুতলা, বন্দুক, বেলুন লৈ পূজা মণ্ডপৰ আশে–পাশে ঘূৰি ফুৰা পৰিলক্ষিত হৈছে৷
কিন্তু এই ফেৰীৱালাকেইজনৰ বিক্রী তেনেই সীমিত৷ লতাশিল খেলপথাৰৰ কাষত পুতলা, বেলুন লৈ গ্রাহকৰ অপেক্ষাত ৰৈ থকা সন্তোষ নামৰ ফেৰীৱালাটোৱে ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়া মতে, পুৱাৰে পৰা মাত্র ২০০ টকাৰহে তেওঁ সামগ্রী বিক্রী কৰিবলৈ সক্ষম হৈছে৷ ক’ৰোনাসৃষ্ট পৰিস্থিতিৰ বাবে এইবাৰ দুর্গোৎসৱৰ আনন্দ–উল্লাস ম্লান পৰাৰ লগতে ব্যৱসায়ীসকলেও গ্রাহকৰ অপেক্ষাত বোন্দাপৰ দিবলগীয়া হৈছে৷ শাৰদীয় দুর্গোৎসৱৰ উছাহ–উদ্দীপনা নাই যদিও দুর্গতিনাশিনীক আৰাধনাৰ এই সময়ত যাতে কোনো অশুভ শক্তিয়ে পৰিৱেশ বিঘ্ণিত কৰিব নোৱাৰে তাৰ প্রতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে কঠোৰ সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছে৷ বিজয়া দশমীৰ বাবে সাজু হৈছে মহানগৰ আৰক্ষী আৰু জিলা প্রশাসন৷ মহানগৰীৰ পাণ্ডু, কাছমাৰী, চূণচালী, সাঁওকুছি, চন্দ্রপুৰ আৰু সোণাপুৰঘাটত প্রতিমা বিসর্জনৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷ জিলা প্রশাসন, আৰক্ষী, এছ ডি আৰ এফ, এন ডি আৰ এফ, অগ্ণিনির্বাপক, নদী আৰক্ষীকে ধৰি বিভিন্ন বিভাগৰ দায়িত্বত থকা বিষয়া–কর্মচাৰীসক বিজয়া দশমীৰ বাবে প্রস্তুতি সম্পূর্ণ কৰিছে৷