নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈষম্য আঁতৰাবলৈ নতুন সংবিধান প্রণয়ন কৰিব চিলিয়ে

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ: কুখ্যাত একনায়ক জেনেৰেল অ’গাষ্টো পিন’চেটৰ দিনত গৃহীত হোৱা পুৰণি সংবিধান সলনি কৰাৰ বাবে লেটিন আমেৰিকান ৰাষ্ট্র চিলিৰ জনসাধাৰণে  এক গণভোট প্রক্রিয়াত অংশগ্রহণ কৰিছে৷ পুৰণি সংবিধান সলনি কৰি নতুন সংবিধান লিপিবদ্ধ কৰিবলৈ গৰিষ্ঠসংখ্যক নাগৰিকে ভোটদান কৰিছে৷ এই বাতৰি যুগুতোৱাৰ পৰলৈ ৯০ শতাংশ ভোট গণনা হৈছে৷ ইয়াৰ ৭৮ শতাংশই সংবিধান পুনৰ লিপিবদ্ধ কৰাৰ পক্ষত ভোটদান কৰিছে৷ অর্থাৎ গণভোটৰ জৰিয়তে চিলিবাসীয়ে পুৰণি সংবিধান সলনি কৰাটো নিশ্চিত হৈ পৰিছে৷

স্মর্তব্য যে দেশখনত বিভিন্ন ক্ষেত্রত থকা বৈষম্যৰ বিৰুদ্ধে বিগত সময়ছোৱাত তীব্র গণবিক্ষোভৰ সৃষ্টি হৈছিল৷ জনতাৰ বিক্ষোভৰ ওচৰত শিৰনত কৰি ৰাষ্ট্রপতি ছেবাষ্টিয়ান পিনেৰাই এই গণভোট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল৷ গণভোটৰ ফলাফলক আদৰণি জনাইছে ৰাষ্ট্রপতিগৰাকীয়ে৷

ইফালে দেশবাসীয়ে শান্তিপূর্ণভাৱে গণভোটত অংশগ্রহণ কৰা বাবে ৰাষ্ট্রপতিগৰাকীয়ে নাগৰিকসকলক প্রশংসাও কৰিছে৷ আনুষ্ঠানিকভাৱে ফলাফল ঘোষণাৰ পিছত ৰাষ্ট্রপতি পিনেৰাই অনাগত সময়ত দেশবাসীয়ে নতুন সংবিধানৰ জৰিয়তে সমতা লাভ কৰিবলৈ সক্ষম হ’ব বুলিও ঘোষণা কৰিছে৷

স্মর্তব্য যে এবছৰ পূর্বে চিলিত চৰকাৰবিৰোধী প্রবল গণবিক্ষোভৰ সৃষ্টি হৈছিল৷ এই গণবিক্ষোভৰ মূল দাবীয়েই আছিল সমাজত বৈষম্য আঁতৰাবলৈ নতুন সংবিধান প্রণয়ন৷ স্মর্তব্য যে চিলিত পূর্বে ছ’চিয়েলিষ্ট পার্টীৰ চৰকাৰ আছিল যদিও জেনেৰেল অ’গাষ্টো পিনচেটৰ দিনত প্রণয়ন হোৱা সংবিধানখনৰ প্রতি গৰিষ্ঠসংখ্যক লোকে অসন্তুষ্টি প্রকাশ কৰি আহিছিল৷ এবছৰ পূর্বে এই অসন্তুষ্টিয়ে গণবিক্ষোভৰ ৰূপ ধাৰণ কৰিছিল৷

You might also like