নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী–উমৰাংছ’ত শীঘ্রে উৰিব সামুদ্রিক বিমান

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ অৱশেষত বাস্তৱত ৰূপায়িত হ’ল প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সপোন৷ গুজৰাটৰ আকাশত দেশৰ ভিতৰতে প্রথমতে উৰিল সামুদ্রিক বিমান৷ কালি লৌহ মানৱ চর্দাৰ বল্লভভাই পেটেলৰ ১৪৫সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি প্রধানমন্ত্রী মোদীয়ে মুকলি কৰিলে প্রথমখন সামুদ্রিক বিমান৷

গুজৰাটৰ কেৱাৰিয়াৰ পৰা সবৰমতী ৰিভাৰ ফ’ৰ্টলৈ প্রধানমন্ত্রী মোদীয়ে উৰা মৰাৰ পাছতে ৰাইজৰ বাবে মুকলি হ’ল এই সেৱা৷ কিন্তু এই সমগ্র প্রক্রিয়া বাস্তৱায়িত কৰাৰ আঁৰত আছে এজন অসম সন্তানৰ অহোপুৰুষার্থ৷ ব্যক্তিগত বিমান পৰিবহণ প্রতিষ্ঠান স্পাইচ জেটৰ কর্মচাৰী শান্তনু কলিতাৰ নেতৃত্বত এই প্রকল্পটো বাস্তৱায়িত কৰা হয়৷

‘নিয়মীয়া বার্তা’ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কলিতাই কয় যে আগন্তুক ৬ মাহৰ ভিতৰত আন্দামান নিকোবৰত এই বিমান উৰুওৱাৰ পৰিকল্পনা কৰা হৈছে৷ আনহাতে, অসমৰ বাবেও আছে সুখবৰ৷ এই সামুদ্রিক বিমানৰ বাবে অসমৰ দুটা স্থান নির্ধাৰণ কৰা হৈছে৷ গুৱাহাটী আৰু উমৰাংছ’ত শীঘ্রেই এই প্রকল্প ৰূপায়ণ কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে৷

কেন্দ্রীয় চৰকাৰৰ প্রজেক্ট উড়ানৰ অধীনত স্পাইচ জেটে ইতিমধ্যে অসমকে ধৰি দেশৰ ১২টা স্থানত এই প্রকল্প ৰূপায়ণ কৰাৰ সিদ্ধান্ত লোৱাৰ কথাও জনালে কলিতাই৷

You might also like