পাঞ্জাবাৰী–বাঘৰবৰীত খোৱাপানীৰ নাটনি
নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে চৰকাৰে বহু অভিলাষী পানী যোগান আঁচনি হাতত লৈছিল যদিও আজিপর্যন্ত সেই আঁচনিসমূহৰ কাম সম্পূর্ণ নহ’ল৷ ফলত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে৷ বিশেষকৈ মহানগৰীৰ পাঞ্জাবাৰীৰ বাঘৰবৰী আৰু জুৰিপাৰৰ অধিকাংশ অঞ্চলতে নাই কোনোধৰণৰ চৰকাৰী পানী যোগান আঁচনিৰ সু–ব্যৱস্থা৷ ফলত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলবাসী ৰাইজে৷
ৰাজধানী দিছপুৰৰ গাতে লাগি থকা মহানগৰীৰ পাঞ্জাবাৰীৰ বাঘৰবৰী আৰু জুৰিপাৰৰ অধিকাংশ অঞ্চলত চৰকাৰী পানী যোগানৰ কোনোধৰণৰ সু–ব্যৱস্থা নথকাৰ বাবে বছৰ বছৰ ধৰি এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰি আহিছে৷ অঞ্চল দুটাৰ কোনো কোনো ঠাইত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৰাজহুৱা বিশুদ্ধ খোৱাপানী যোগান ব্যৱস্থা আছে যদিও সেয়া পর্যাপ্ত নহয়৷
সেয়েহে আর্থিকভাৱে সক্ষম একাংশ লোকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি নিজাববীয়াকৈ বৰিং, কুঁৱা তথা দমকল আদিৰ ব্যৱস্থা কৰি লৈছে যদিও অধিকাংশ লোকে খোৱাৰ বাবে দৈনিক পানী ক্রয় কৰি আহিছে৷ কিয়নো নিজাববীয়াকৈ ব্যৱস্থা কৰি লোৱা পানী খোৱাৰ উপযোগী নহয়৷
ফলত নানা কৌশল কৰিও খোৱাৰ বাবে উপযোগী নোহোৱাৰ ফলত খোৱাৰ বাবে দৈনিক ভানেৰে পানী ক্রয় কৰি আহিবলগীয়া হৈছে৷ প্রায় সহস্রাধিক লোকে বসবাস কৰা এই অঞ্চলৰ প্রতিঘৰ লোকে দৈনিক সপ্তাহত ৩/৪ দিনৰ মূৰত ৭০০/১০০০ লিটাৰ পানী ২০০/৩০০ টকা পর্যন্ত ক্রয় কৰি আহিবলগীয়া হৈছে৷ অঞ্চলটোৰ পানীৰ সমস্যা সমাধানৰ বাবে বিভাগীয় কর্তৃপক্ষক বহুবাৰ আবেদন–নিবেদন কৰি অহা হৈছে যদিও আজিপর্যন্ত কোনোধৰণৰ ফলপ্রসূ ব্যৱস্থা গ্রহণ নকৰিলে৷