গ্ৰেপ্তাৰ হ’ব নেকি কংগনা? ভগ্নীসহ কংগনালৈ জাননী মুম্বাই আৰক্ষীৰ
নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ বলীউডৰ অভিনেত্রী কংগনা ৰাণাৱত আৰু তেওঁৰ ভগ্নী ৰাংগলী ছান্দেলক আগন্তুক ১০ নৱেম্বৰত থানাত হাজিৰ হ’বলৈ জাননী জাৰি কৰিছে মুম্বাই আৰক্ষীয়ে৷ বান্দ্রা আৰক্ষীয়ে ২১ অক্টোবৰত ভগ্নীসহ ৰাণাৱতক হাজিৰ হ’বলৈ জাননী জাৰি কৰিছিল৷ ২৬ আৰু ২৭ অক্টোবৰত দুয়োগৰাকী ভগ্নীৰ বক্তব্য গ্রহণ কৰাৰ কথা আছিল আৰক্ষীয়ে৷ কিন্তু ৰাণাৱতে এই জাননী অগ্রাহ্য কৰিছিল৷ পুনৰ দ্বিতীয়বাৰৰ বাবে কংগনা আৰু ৰাংগলীক জাননী জাৰি কৰিছে আৰক্ষীয়ে৷ বিভিন্ন সম্প্রদায়ৰ মাজত বিদ্বেষ সৃষ্টি কৰাৰ গোচৰ তৰা হৈছে ভগ্নীসহ ৰাণাৱতৰ বিৰুদ্ধে৷ মঙলবাৰে মুম্বাই আৰক্ষীৰ এগৰাকী বিষয়ববীয়াই সংবাদ সংস্থা এ এন আইক জনাইছে যে ১০ নৱেম্বৰত কংগনা আৰু ৰাংগলীক হাজিৰ হ’বলৈ জাননী দিয়া হৈছে৷