৪২,৫৯৭ পইণ্ট সর্বকালৰ শিখৰত ছেনছেক্স
নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃআমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি নির্বাচনত ড’নাল্ড ট্রাম্পক পৰাভূত কৰি ডেম’ক্রেট জ’ বাইডেনে বিজয় লাভ কৰাৰ পাছতেই ইয়াৰ প্রভাৱ ভাৰতৰ ভাৰতৰ শ্বেয়াৰ বজাৰৰ পইণ্ট ঊর্ধ্বগামী হৈছে৷ আজি ছেনছেক্স পুৱাৰে পৰা ঊর্ধ্বগামী হৈ বজাৰ সামৰণিলৈকে ইয়াৰ প্রভাৱ অব্যাহত থাকে৷ ছেনছেক্সে সর্বকালৰ শিখৰত উপনীত হয়৷ পূর্বৰ সকলো অভিলেখ ভংগ কৰি আজি বি এছ ই ছেনছেক্স ৪২,৫৯৭.৪৩ পইণ্টত বজাৰ সামৰণি পৰে৷ শ্বেয়াৰ বজাৰ আৰম্ভ হোৱাৰ লগে লগে পইণ্ট ঊর্ধ্বগামী হ’বলৈ ধৰে আৰু এই ধাৰা বজাৰ সামৰণিলৈকে অব্যাহত থাকে৷ বি এ চি ছেনছেক্স ৭০৪ পইণ্ট ঊর্ধ্বগামী হৈ সর্বকালৰ শিখৰৰ ৪২,৫৯৭.৪৩ত সামৰণি পৰে৷ আনপিনে এন ই চি ১৯৭.৫০ পইণ্ট তথা ১.৬১ শতাংশ ঊর্ধ্বগামী হৈ অভিলেখসংখ্যক ১২,২৬৩.৫৫ত বজাৰ সামৰণি পৰে৷ শ্বেয়াৰ বজাৰত আজি লাভান্বিত হোৱাৰ ভিতৰত বেকিং খণ্ড সর্বাধিক লাভান্বিত হয়৷ ছেনছেক্সৰ ইণ্ডাছইন বেংকে সর্বাধিক ৪.৯৫ শতাংশ লাভান্বিত হোৱাৰ বিপৰীতে ভাৰতীয় এয়াৰটেল আৰু আই চি আই চি আই বেংক ক্রমে ৪.৯২ আৰু ৪.৪২ শতাংশ লাভান্বিত হয়৷ এক্সিছ বেংক, বেদান্ত, বি পি চি এল, হিণ্ডালক’, পাৱাৰ গ্রিড কর্প’ৰেচন, টাটা ষ্টীল, গডৰেজ কনজিউমাৰ, এইচ আৰ মটর্ছ, টিটান, এইচ ডি এফ চি বেংক, টেক মহিন্দ্র, এন টি পি চি, বাজাজ ফাইনেন্স, জে এছ ডব্লিউ, ষ্টীল, ইনফ’ছিছ আদি প্রতিটো কোম্পানীয়ে ২ শতাংশতকৈ অধিক লাভান্বিত হয়৷ ভাৰতৰ শ্বেয়াৰ বজাৰৰ লগতে ইউৰোপৰ শ্বেয়াৰ বজাৰতো আজি উত্থান ঘটে৷ শ্বেয়াৰ বজাৰ ঊর্ধ্বগামী হ’লেও প্রতি আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৭ পইচা নিম্নগামী হৈ ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য হয় ৭৪.১৫ টকা৷
হোৱাইট হাউছ অভিমুখে জ’ বাইডেন, পৰাজয় স্বীকাৰ কৰি লোৱা নাই ড’নাল্ড ট্রাম্পে
নির্বাচনত ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক পৰাজিত কৰাৰ ভৱিষ্যৎ পৰিকল্পনাৰে হোৱাইট হাউছ অভিমুখী ডেম’ক্রেট জ’ বাইডেন৷ কিন্তু ইয়াৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্রবাসীৰ জনাদেশো মানি নলৈ পৰাজয় স্বীকাৰ কৰা নাই ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ বিশ্বৰ সর্বশক্তিমান আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি হ’বলৈ নির্বাচনী ফলাফলত প্রয়োজনীয় মেজিক নাম্বাৰ ২৭০ অতিক্রম কৰি ২৯০টা ভোট লাভ কৰা ডেম’ক্রেট জ’ বাইডেনৰ ইতিমধ্যে বিজয় হোৱা বুলি বিশ্বজুৰি চর্চিত হৈ আছে৷ ইয়াৰ বিপৰীতে বর্তমানৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে বাইডেনৰ জয়ক স্বীকৃতি দিয়া নাই৷ বাইডেনে হোৱাইট হাউছত প্রৱেশ কৰাৰ পৰিকল্পনা চলাই থকাৰ সময়তে ৰাষ্ট্রপতি ট্রাম্পে নির্বাচনী ফলাফলক প্রত্যাহ্বান জনাই সমদল উলিওৱাৰ পৰিকল্পনা চলাইছে৷ আনপিনে বিশ্বৰ বিভিন্ন দেশৰ নেতাই নির্বাচনত বিজয়ী বাইডেনক শুভেচ্ছা, অভিনন্দন জনোৱাৰ বিপৰীতে বিশ্বৰ দুই বৃহৎ শক্তি ৰাছিয়া আৰু চীনে বাইডেনৰ বিজয়ক লৈ নীৰৱ হৈ আছে৷ মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ সৈতে বাণিজ্যৰে পৰা কূটনীতিলৈকে সংঘাতত লিপ্ত থকা চীনেও আনকি বাইডেনৰ বিজয়ক মানি লোৱা নাই৷ ৰাষ্ট্রপতি হ’বলৈ প্রয়োজনীয় ভোট লাভ কৰি বাইডেনৰ জয়লাভ হৈছে যদিও আমেৰিকাই আনুষ্ঠানিকভাৱে এতিয়াও ঘোষণা নকৰা বিষয়টোক লৈ চীনে উদ্বিগ্ণতা প্রকাশ কৰি বাইডেনৰ বিজয়ক স্বীকৃতি দিয়া নাই৷ ইয়াৰ সমান্তৰালকৈ ৰাছিয়ায়ো বাইডেনৰ বিজয় এতিয়ালৈকে স্বীকাৰ নকৰাই নহয়, মেইল বেলটত জালিয়াতি, প্রৱঞ্চনাৰ সন্দেহ প্রকাশ কৰিছে৷ ৰাছিয়াৰ নির্বাচন মুৰব্বী এল্লা পাম্পফিল’ভাই প্রকাশ কৰা মতে, আমেৰিকা যুক্তৰাষ্ট্রৰ নির্বাচনত মেইলৰ দ্বাৰা হোৱা ভোটত বৃহৎ ভোটাৰৰ প্রৱঞ্চনাৰ পথ আছে৷ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ প্রচাৰ অভিযানত এই ধৰণৰ অভিযোগ উত্থাপন হৈ আহিছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ মেইল ভোটক লৈ তেওঁ সূক্ষ্ম নিৰীক্ষণ চলাই আছে আৰু ইয়াতেই তেওঁ প্রক্রিয়াটোত ভয়াৱহ প্রৱঞ্চনাৰ সন্দেহ পাইছে৷ উল্লেখ্য যে ৰাষ্ট্রপতি ট্রাম্পক পৰাভূত কৰি দেশৰ পৰৱর্তী ৰাষ্ট্রপতি হিচাপে নির্বাচিত বাইডেনে ইতিমধ্যে তেওঁৰ ৱেবছাইটত দেশখনক লৈ কি কি বিষয়ক প্রাধান্য দিব, সেই সন্দর্ভত তথ্য ৰাজহুৱা কৰিছে৷ ক’ভিড–১৯, বিধ্বস্ত অর্থনীতিক পুনৰুদ্ধাৰ, বর্ণ বৈষম্য আঁতৰাই সমতা আৰু জলবায়ু পৰিৱর্তনক প্রাধান্য দিব৷ ২০ নৱেম্বৰত ৭৮ বছৰীয়া হ’বলগীয়া বাইডেন হ’ব হোৱাইট হাউছলৈ নির্বাচিত সবাতোকৈ বয়োজ্যেষ্ঠ ৰাষ্ট্রপতি৷ ক’ৰোনা ভাইৰাছ মহামাৰীৰ সৈতে মোকামিলা কৰিবলৈ বাইডেনে টাস্ক ফ’চ গঠন কৰিব৷ এই টাস্ক ফ’চৰ সদস্যৰ নাম শীঘ্রেই ঘোষণা কৰিব বাইডেনে৷ তদুপৰি পেৰিছ জলবায়ু চুক্তিত আমেৰিকা যুক্তৰাষ্ট্র পুনৰ অন্তর্ভুক্ত হোৱাৰ ঘোষণা কৰিছে বাইডেনে৷ ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণ কৰাৰ পাছতেই ড’নাল্ড ট্রাম্পে পেৰিছ জলবায়ু চুক্তিৰ পৰা আমেৰিকাক আঁতৰাই ৰাখিছিল৷ ট্রাম্পে নির্বাচনৰ মাজতেই এই চুক্তিখনৰ পৰা আনুষ্ঠানিকভাৱে আমেৰিকাক আঁতৰাইছিল৷ বাইডেনে দায়িত্ব গ্রহণ কৰিয়েই অর্থাৎ হোৱাইট হাউছত প্রথম দিনাই পেৰিছ জলবায়ু চুক্তিত পুনৰ অন্তর্ভুক্তিৰ কার্যকৰী নির্দেশত স্বাক্ষৰ কৰিব বুলি ঘোষণা কৰিছে৷