নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ আয়ুর্বেদ দিৱস উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জাম নগৰ আৰু জয়পুৰত দুখনকৈ আয়ুর্বেদ প্রতিষ্ঠান ভিডিঅ’ কনফাৰেঞ্চযোগে মুকলি কৰে৷ ইন্ষ্টিটিউট অৱ টিচিং এণ্ড ৰিছার্চ ইন আয়ুর্বেদ, জাম নগৰ আৰু নেচনেল ইন্ষ্টিটিউট অৱ আয়ুর্বেদ জয়পুৰ মুকলি কৰি প্রধানমন্ত্রী মোদীয়ে কয়, ‘আজিৰ যুগত সকলো বস্তুৱেই সংহত হৈছে৷ ইয়াৰ কাৰণেই চিকিৎসা বিশ্বত আয়ুর্বেদে গুৰুত্বপূর্ণ ভূমিকা লৈছে৷ এল’পেথিক আৰু আয়ুর্বেদিক চিকিৎসাৰ অনুশীলন হাতে হাত ধৰি আগবাঢ়ি গৈছে৷ প্রথমবাৰৰ কাৰণে ভাৰতৰ পুৰণি বিজ্ঞান ২১ শতিকাৰ বিজ্ঞানৰ সৈতে সংহত হৈছে৷
সম্প্রতি দেশৰ প্রতিটো প্রান্ততে আয়ুর্বেদিক চেণ্টাৰ খোলা হৈছে আৰু দেশৰ চৰকাৰে ইয়াৰ প্রসাৰ বৃদ্ধি কৰাক প্রাধান্য দিছে৷ আন্তর্জাতিক পর্যায়ৰ পাঠ্যক্রমো এই ইন্ষ্টিটিউতসমূহত অন্তর্ভুক্ত কৰা হৈছে৷ আনপিনে ক’ভিড–১৯ কালত বিশ্বজুৰি ভাৰতৰ আয়ুর্বেদিক সামগ্রীসমূহৰ চাহিদা বৃদ্ধি পাইছে৷ দেশত ক’ভিড–১৯ৰ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হোৱাৰ কাৰণো ঘৰে ঘৰে আয়ুর্বেদি সামগ্রীৰ ব্যৱহাৰ বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷