নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুযোগ বুজি বিগ ব্রাদাৰ হোৱাৰ অংক আজমলৰ ইউডিএফৰ

নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ বিহাৰৰ নির্বাচনী বিপর্যয়ে কংগ্রেছ দলৰ বাবে কঢ়িয়াই আনিছে অশনি সংকেত৷ ২০১৪ চনৰ লোকসভা নির্বাচনৰ পৰাই ক্রমাৎ নিশকতীয়া হৈ অহা দলটোৱে বিভিন্ন ৰাজ্যত মিত্রতাৰ ৰাজনীতি কৰিও মুখথেকেচা খাবলগীয়া হৈছে৷ কংগ্রেছৰ ব্যর্থতাৰ শেহতীয়া উদাহৰণ হ’ল সদ্যসমাপ্ত বিহাৰ বিধানসভা নির্বাচন৷ ২৪৩জনীয়া বিহাৰ বিধানসভাত কংগ্রেছ দলে প্রতিদ্বন্দ্বিতা কৰিছিল ৭০খন আসনত৷ তীব্র আপত্তিৰ পাছতো আৰ জে ডিয়ে কংগ্রেছৰ আঁকোৰগোজ মনোভাবৰ বাবে ৭০টা সমষ্টি এৰি দিবলগীয়া হ’ল৷ অথচ ৪৫টাতকৈ অধিক সমষ্টিত কংগ্রেছে প্রতিদ্বন্দ্বিতা আগবঢ়াব পৰা অৱস্থাত নাছিল৷ ফলাফলত দেখা গ’ল যে ৭০টা সমষ্টিৰ ভিতৰত মাত্র ১৯টা সমষ্টিতহে কংগ্রেছে জয়লাভ কৰিবলৈ সক্ষম হ’ল৷ কংগ্রেছৰ এনে দুর্বল প্রদর্শনৰ বাবেই আৰ জে ডি নেতৃত্বাধীন মহাজোঁট সংখ্যাগৰিষ্ঠতাৰ পৰা মাত্র ১২খন আসন পিছুৱাই থাকিল৷ এইদৰে সামর্থ্যতকৈ অধিক আসনত প্রতিদ্বন্দ্বিতা কৰি কংগ্রেছে নিজৰ লগতে মিত্রদলকো ক্ষতিগ্রস্ত কৰিলে৷ বিহাৰত কংগ্রেছৰ সাফল্যৰ হাৰ আছিল মাত্র ২৭ শতাংশ৷ এয়াই একমাত্র উদাহৰণ নহয়৷

ইয়াৰ পূর্বে ২০১৭ চনত উত্তৰ প্রদেশত সমাজবাদী পার্টীৰ সৈতে মিত্রতাৰে নির্বাচনত অৱতীর্ণ হৈছিল কংগ্রেছ৷ ৰাজ্যখনত কোনো সাংগঠনিক ভেটি নথকাৰ পাছতো দলটোৱে মুঠ ১১৪খন আসনত প্রতিদ্বন্দ্বিতা কৰে আৰু বিজয়ী হয় মাত্র ৭খন আসনত৷ উত্তৰ প্রদেশত কংগ্রেছৰ সফলতাৰ হাৰ হ’ল মাত্র ৬ শতাংশ৷ ইয়াৰ পাছত ২০১৯ চনত মহাৰাষ্ট্র বিধানসভা নির্বাচনত কংগ্রেছ আছিল বিগ ব্রাদাৰ৷ ৰাজ্যখনত কংগ্রেছে নিজে ১৪৭খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে এন চি পিৰ বাবে এৰিলে ১২১খন আসন৷ নির্বাচনী ফলাফলত কংগ্রেছে ৪৪খন আসনত জয়ী হোৱাৰ বিপৰীতে এন চি পিয়ে লাভ কৰিলে ৫৪খন আসন৷ অর্থাৎ দেশৰ দ্বিতীয় বৃহত্তম ৰাজ্যখনত বিগ ব্রাদাৰ কংগ্রেছৰ সফলতাৰ হাৰ ৩০ শতাংশ হোৱাৰ বিপৰীতে মিত্রদল এন চি পিৰ সফলতাৰ হাৰ হ’ল ৪৫ শতাংশ৷ নির্বাচনোত্তৰ সময়ত উদ্ভৱ হোৱা বিশেষ পৰিস্থিতিৰ বাবে কংগ্রেছ এতিয়া শিৱসেনা নেতৃত্বাধীন মহাৰাষ্ট্র চৰকাৰৰ অংশীদাৰ৷ কিন্তু একপ্রকাৰ এই অসম্ভৱ মহাজোঁট সাকাৰ কৰি তোলাৰ কৃতিত্ব ‘মহাৰাষ্ট্র’ৰ ষ্ট্রংমেন খ্যাত এন চি পিৰ নেতা শাৰদ পাৱাৰৰহে৷ কংগ্রেছৰ তাত কোনো ভূমিকা নাই৷ বর্তমান সময়ত কংগ্রেছ ঝাৰখণ্ড চৰকাৰৰো অংশীদাৰ৷ কিন্তু তাতো কংগ্রেছতকৈ ভাল ফলাফল প্রদর্শন কৰিছে ঝাৰখণ্ড মুক্তি মর্চা, চমুকৈ জে এম এমে৷ জে এম এমে ৪৩খন আসনত প্রতিদ্বন্দ্বিতা কৰি ৩০খনত জয়লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৩১খন আসনত প্রতিদ্বন্দ্বিতা কৰি লাভ কৰিছে ১৬খন আসন৷ অর্থাৎ জে এম এমৰ নেতৃত্বতহে ঝাৰখণ্ডত কংগ্রেছ শাসনলৈ আহিছে৷ এটাৰ পাছত আন এটা উদাহৰণে স্পষ্ট কৰি দিছে যে মিত্রদল হিচাপেও কংগ্রেছ ভৰসাযোগ্য নহয়৷ শেহতীয়া বিহাৰ নির্বাচনত কংগ্রেছৰ শোচনীয় প্রদর্শনৰ প্রভাৱ অসমতো পৰিছে৷ এহাতে হতাশ হৈ কেইবাগৰাকীও কংগ্রেছ বিধায়কে দল এৰিবলৈ ওলাইছে, আনহাতে প্রস্তাৱিত মহাজোঁটৰ অংশীদাৰ দলসমূহৰ পৰা প্রদেশ কংগ্রেছৰ নেতৃত্ব তীব্র চাপত পৰিছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই পূর্বৰে পৰা কংগ্রেছৰ নেতৃত্বত এক মহাজোঁটৰ পোষকতা কৰি আহিছে৷

মহাজোঁটৰ জল্পনা–কল্পনা চলি থাকোঁতেই বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফে ৪২খন আসন, বাঁও দলসমূহে ৬খন আৰু সাংসদ অজিত কুমাৰ ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মর্চাই ১০খন আসন দাবী কৰিছিল৷ কিন্তু বিহাৰৰ নির্বাচনৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিৰ সুযোগ ল’ব বিচাৰিছে এ আই ইউ ডি এফে৷ পূর্বতে তেওঁলোকে সংখ্যালঘু অধ্যুষিত ৪২খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ চর্ত আৰোপ কৰিছিল৷ কিন্তু কংগ্রেছ দল আভ্যন্তৰীণ সংঘাতত জর্জৰিত হোৱা দেখি এ আই ইউ ডি এফে সংখ্যালঘুৰ প্রভাৱ নথকা সমষ্টিতো প্রতিদ্বন্দ্বিতাৰ মন মেলিছে৷ প্রয়োজনত উক্ত সমষ্টিসমূহত অন্য জাতি–জনগোষ্ঠীৰ লোকক প্রার্থিত্ব প্রদান কৰিব৷ আজমলৰ এই প্রস্তাৱৰ সমান্তৰালভাৱে আঞ্চলিক গণ মর্চায়ো কংগ্রেছৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে৷ কালি মর্চাৰ মুৰব্বী তথা সাংসদ অজিত কুমাৰ ভূঞাই এখন সংবাদ মেলৰ জৰিয়তে কংগ্রেছক এৰাধৰাৰ পৰিচয় দিয়াৰ লগতে মুখ্যমন্ত্রিত্বৰ আঁকোৰগোজ মনোভাবো ত্যাগ কৰিবলৈ আহ্বান জনাইছে৷ অনুৰূপ দাবী নিশ্চয় চি পি আই, চি পি আই(এম)ৰ লগতে বাঁও শিবিৰৰ পৰাও উত্থাপন হ’ব৷ এইদৰে বিহাৰৰ শেহতীয়া নির্বাচনে কংগ্রেছক এক জটিল পৰিস্থিতিৰ সন্মুখীন কৰোৱাৰ বিপৰীতে মিত্রজোঁটৰ অংশীদাৰ হ’ব বিচৰা দলসমূহৰ বাবে নতুন সুযোগ আৰু সম্ভাৱনা মুকলি কৰি দিছে৷ একাধিক ব্যর্থতাৰ পাছত মিত্রতাৰ ৰাজনীতিত কংগ্রেছৰ আৰু কোনো দৰ–দাম নৰজা অৱস্থাৰ সৃষ্টি হৈছে৷ সুযোগ বুজি এ আই ইউ ডি এফে বিগ ব্রাদাৰৰ ভূমিকা লোৱাৰ অংকৰে নিজৰ পক্ষত নতুন নতুন আসন দাবী কৰাৰ পৰিকল্পনা যুগুতাইছে৷ কাজেই বিৰোধী মহাজোঁটৰ বাৰম্বাৰ আহ্বান জনোৱা কংগ্রেছ দল এতিয়া বাৰুকৈ বিপাঙত পৰিছে৷

You might also like