বিটিচিত চীফ নহয়, ৰাইজৰ সেৱক হ’ব লাগিবঃ এতিয়াৰে পৰা নচলিব পিঠা চুৰিৰ ৰাজনীতি
নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ বিটিচি নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিটিএডিত নির্বাচনী বতাহ উত্তপ্ত হৈ উঠিছে৷ ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে নির্বাচনী প্রচাৰ৷ ইয়াৰ মাজতে বিপিএফ আৰু বিজেপিৰ মাজত চলা নির্বাচনী যুঁজখন আকর্ষণীয় হৈ উঠিছে৷ বিজেপিৰ হৈ ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিটিচিত ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে নির্বাচনী প্রচাৰ৷ চিৰাং জিলাৰ বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রাংগণত কালি এক নির্বাচনী সভাত অংশগ্রহণ কৰে ড০ শর্মাই৷
উক্ত সভাত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ শাসনকালত সংঘটিত দুর্নীতি–নিয়মৰ সমালোচনা কৰি ড০ শর্মাই কয়– ‘বিপিএফ আমাৰ লগত চৰকাৰত আছিল বা আছে৷ আমাৰ এটাই উদ্দেশ্য আছিল বিটিচিত সকলোৰে অধিকাৰ অক্ষুণ্ণ থাকক৷ সকলোৱে মর্যাদাসহকাৰে জীয়াই থাকক৷ প্রতিবছৰে এহেজাৰৰ পৰা ১৫০০ কোটি টকা আমি বিটিচিত দি আহিছোঁ৷ বিটিচিত আজিলৈকে অন্যান্য জাতি–জনগোষ্ঠীৰ লোকে মাটিৰ পট্টা পোৱা নাই৷ বিজেপি এতিয়া আৰু পাপৰ ভাগ ল’বলৈ সাজু নহয়৷ বিটিচিত প্রতিজন মানুহে ভূমিৰ অধিকাৰ লাভ কৰিব লাগিব৷ এই অধিকাৰ আমি দিম৷’
ইফালে, বিটিচিত সংঘটিত দুর্নীতি সন্দর্ভত মন্ত্রীগৰাকীয়ে কয় যে বিটিচিত বিধৱা আৰু বৃদ্ধপেন্সন লাভ কৰিবলৈও টকা দিবলগীয়া হয়৷ দিল্লীৰ পৰা পিঠা পঠিয়াইছে, দিছপুৰৰ পৰা পিঠা পঠিয়াইছে, হাগ্রামা মহিলাৰীৰ মেকুৰী ভিচিডিচিয়ে এই পিঠা খাই পেলাইছে৷ ইফালে, হাগ্রামাৰ চৰকাৰ নাথাকিলে বিটিচিত অশান্তি হ’ব বুলি বিপিএফে কৰা প্রচাৰ সন্দর্ভত তেওঁ কয়– ‘হাগ্রামা মহিলাৰীৰ শান্তি আমাক নালাগে, আমাক বিটিচি ৰাইজৰ শান্তি লাগে৷ প্রথমবাৰৰ বাবে বডো জনগোষ্ঠীৰ সকলো নেতাই বিটিআৰ চুক্তিত চহী কৰিছে৷ অসমখন আমি দুভাগ কৰিব নিবিচাৰোঁ৷ এই বিটিআৰ চুক্তি বেয়া বুলি ক’বলৈ আৰম্ভ কৰিছে৷ বিটিচিত চাকৰি প্রদানৰ নামতো ব্যাপক দুর্নীতি সংঘটিত হৈছে৷ আনহাতে, হাগ্রামাক বিটিচিত চীফ বুলি কৰা সম্বোধন সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি ভাষণত মন্ত্রীগৰাকীয়ে কয় যে চীফ কি বস্তু৷ প্রধানমন্ত্রীয়ে নিজকে ৰাইজৰ সেৱক বুলি প্রকাশ কৰি আহিছে আৰু হাগ্রামাক চীফ বুলি ক’বলগীয়া হৈছে৷ চীফ নহয়, ৰাইজৰ সেৱক হ’ব লাগিব৷
লগতে পঢ়কঃ মার্কিন ৰাষ্ট্রপতি হিচাপে কি কি সুবিধা পাব জ’ বাইডেনে, জানেনে?
বিটিচিৰ ৰাইজক হাগ্রামাই ঘৰৰ পৰা পইচা দিয়া নাই বুলি উল্লেখ কৰি ড০ শর্মাই কয়– ‘হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচিলৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা আঁচনি ৰূপায়ণৰ দায়িত্ব দি আমি ভুল কৰিছিলোঁ৷ আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ ব্যৱস্থা কৰা নহ’ল৷ বিপিএফৰ লগত আমাৰ মিত্রতা নাই৷ এতিয়া ৰাইজে বিজেপিৰ লেকাম টানি থাকিব৷ বিজেপিৰ চৰকাৰ হ’লে মাটি বেচা–কিনাৰ আবেদন কৰিলে এছডিচিয়ে ১৫ দিনৰ ভিতৰত অনুমতি দিব লাগিব৷ বিটিচিত সূর্যৰ পোহৰ আহিব৷ শেষ হ’ব আন্ধাৰ৷’ আনহাতে মন্ত্রী চন্দন ব্রহ্মই চিৰাঙৰ হাগ্রামা দলঙৰ সমীপত দৈজিং মহোৎসৱ আয়োজন কৰি মদ আৰু জুৱাৰ পয়োভৰ ঘটোৱাৰ লগতে ৰাজ্য চৰকাৰে পর্যটন বিভাগৰ জৰিয়তে প্রদান কৰা কোটি কোটি টকা নষ্ট কৰা বুলিও মন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷ আনহাতে মন্ত্রী ব্রহ্মই বিটিচি চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে বহু অজনজাতি অধ্যুষিত গাঁও অন্তর্ভুক্তি কৰা বুলি জানিব দি মন্ত্রী ড০ শর্মাই বিটিআৰ চুক্তিৰ জৰিয়তে এনে গাঁওসমূহ কর্তনৰ লগতে নতুনকৈ গাঁও অন্তর্ভুক্তিৰ ব্যৱস্থা কৰা বুলি ভাষণ প্রসংগত উল্লেখ কৰে৷
ইফালে কোকৰাঝাৰ জিলাৰ গোসাঁইগাৱঁত অনুষ্ঠিত আন এক বিশাল নির্বাচনী জনসভাত ৰাজ্য চৰকাৰৰ শিক্ষা, স্বাস্থ্য, বিত্ত আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক ঢ়োলে–ডগৰে আয়োজন কৰা এক বিশাল পদযাত্রাৰে আদৰি অনা হয়৷ সভাখনত উপস্থিত হৈ নিজ ভাষণত মন্ত্রী ড০ শর্মাই বিটিচিত বিগত ১৫ বছৰে বিপিএফক চৰকাৰ চলাব দিয়াটো এক ভুল সিদ্ধান্ত আছিল বুলি প্রকাশ কৰে৷ বিপিএফক কেতিয়াবাই চৰকাৰৰ পৰা আঁতৰোৱাৰ প্রয়োজন আছিল বুলি মন্তব্য কৰি মন্ত্রীগৰাকীয়ে হাগ্রামা মহিলাৰীৰ দিনত কেইবাটাও ৰাজনৈতিক হত্যাকাণ্ড সংঘটিত হোৱা বুলি অভিযোগ কৰে৷ লাফিকুল ইছলামো ৰাজনৈতিক হত্যাৰ বলি হোৱা বুলি গুৰুতৰ অভিযোগ কৰি সমাগত দিনত বিজেপিয়ে বিটিচি চৰকাৰ গঠন কৰিলে দুমাহৰ ভিতৰতে লাফিকুল হত্যাকাণ্ডৰ হত্যাকাৰীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্রদান কৰা হ’ব, যাতে আগন্তুক দিনত বিটিচিত এনেদৰে হত্যাকাণ্ড সংঘটিত কৰাৰ বাবে সাহস কৰিব নোৱাৰে বুলি মন্তব্য কৰে৷ তেওঁ বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছত ভিচিডিচিৰ কার্যপন্থা সলনি কৰিব বুলি প্রকাশ কৰি কয়, বিটিচিৰ উন্নয়নৰ বাবে কেন্দ্রীয় চৰকাৰে পুঁজি আবণ্টন দি আহিছে যদিও বিটিচিত ভিচিডিচিৰ চেয়াৰমেন নামৰ মেকুৰীবোৰে দৰিদ্র ৰাইজৰ আঁচনিৰ ধন আত্মসাৎ কৰি সম্পত্তিৰ পাহাৰ গঢ়াৰ প্রতিযোগিতাত নামিছে বুলি অভিযোগ কৰে৷ গোসাঁইগাঁও হাব্রুবিলস্থিত এশ বিছনাযুক্ত আৰ এন বি অসামৰিক চিকিৎসালয়খনত দীর্ঘদিন ধৰি চিকিৎসকৰ অভাৱসমূহ পূৰণ কৰাৰ লগতে ডিচেম্বৰ মাহৰ ভিতৰতে পূর্ণ পর্যায়ৰ চিকিৎসা ব্যৱস্থা কৰাৰ প্রতিশ্রতি প্রদান কৰে৷ ইপিনে সভাখনত একাংশ বাঙালী ছাত্র সংগঠনৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰি কয়, যিসময়ত গোসাঁইগাঁৱৰ পৰা শিলচৰলৈ বাঙালী ভাইসকলৰ ওপৰত অত্যাচাৰ চলিছিল সেই সময়ত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব শর্মা তেওঁলোকৰ ওচৰত থিয় দিছিল৷ কিন্তু সেইসকল নেতাই এই সভাত অহাত বাধা প্রদান কৰাৰ কথাটো কিমান যুক্তিযুক্ততা আছে বুলি প্রশ্ণ কৰে৷ হাগ্রামাৰ পকেটত বহি থকা এইসকল নেতাই কি কৰিব পাৰিব সেয়া জনা আছে বুলি মন্তব্য কৰি হাগ্রামাৰ ফুটবলত এতিয়া আৰু পাম নাই বুলি কটাক্ষ কৰে৷
গোসাঁইগাঁও মহকুমাৰ ৫নং শৰাইবিলৰ বিজেপি প্রার্থী উইলিয়াম নার্জাৰীৰ হৈ নির্বাচনী প্রচাৰ সভাখনত ৰাজ্যিক সভাপতি ৰঞ্জিত দাস উপস্থিত থাকি নিজৰ ভাষণত বিটিচি নির্বাচন মাথোঁ ছেমিফাইনেলহে, ২০২১ৰ বিধানসভা নির্বাচনহে ফাইনেল বুলি মন্তব্য কৰি ২৮নং গোসাঁইগাঁও বিধানসভা সমষ্টি আৰু ২৯নং পশ্চিম কোকৰাঝাৰ সমষ্টিতো বিজেপিৰ প্রার্থী প্রক্ষেপ কৰিব বুলি প্রকাশ কৰে৷ ইফালে, আজি চিৰাং জিলাৰ বাসুগাঁও ৰাজাচাৰাং ধর্মীয় খেলপথাৰত অনুষ্ঠিত বিশাল নির্বাচনী জনসভাত উপস্থিত থাকে অসমৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, চিৰাং জিলাৰ সভাপতি বিপ্লৱ দেৱনাথ, ১৩নং চিৰাং সমষ্টিৰ বিজেপি প্রক্ষেপিত প্রার্থী অলক বসুমতাৰী আদিৰ লগতে ভালেসংখ্যক দলীয় নেতা–কর্মী৷ সভাখনত ‘নেডা’ৰ আহ্বায়ক মন্ত্রী ড০ শর্মাই ভাষণত কয় যে কোকৰাঝাৰত ১৫ ডিচেম্বৰত বিজেপিৰ চৰকাৰ হ’বই৷ বিগত ১৫ বছৰে বিটিচিত হাগ্রামা মহিলাৰীক সমর্থন কৰা বুলি জানিবলৈ দি উন্নয়নৰ নামত দিয়া টকা মেকুৰী দলৰ নেতাই হজম কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ আনহাতে, বিটিচিত বিজেপি চৰকাৰ আহিলেই মহিলা আত্মসহায়ক গোটসমূহক ৫০,০০০ টকাকৈ অনুদান দিব বুলি কয়৷ বাসুগাঁৱৰ ৰাজাচাৰাং ধর্মীয় খেলপথাৰত লোকাৰণ্য হৈ পৰা নির্বাচনী জনসভাত মন্ত্রী ড০ শর্মাই এইবাৰ বিটিচিৰ ১৩নং চিৰাং সমষ্টিত অলক বসুমতাৰী জিকাটো খাটাং বুলি উল্লেখ কৰি ভাৰতীয় জনতা পার্টীয়ে যে এইবাৰ বিটিচি দখল কৰিব, সেয়া নিশ্চিত বুলি মন্তব্য কৰে৷ বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে টেঙা আমৰ ৰাজনীতি কৰা বুলি উল্লেখ কৰি এইবাৰ টেঙা আমৰ ৰাজনীতি নচলিব বুলি কৈ বিপিএফক তিনিবাৰ চোৱা হ’ল, এইবাৰ বিজেপিক চাওক বুলি কয়৷
আনহাতে, সভাখনতেই মন্ত্রীগৰাকীয়ে চন্দন ব্রহ্মক তীব্র সমালোচনা কৰি কয় যে চন্দন ব্রহ্মই সাধাৰণ ৰাইজক পুলিচৰ ভয় দেখুৱাই ৰাজনীতি কৰি আহিছে৷ সাধাৰণ ৰাইজে পুলিচৰ ভয় খোৱাৰ দৰকাৰ নাই, পুলিচ বাহিনী আমাৰ, পুলিচক আমি দৰমহা দিছোঁ৷ বিটিচি নির্বাচন সন্দর্ভতো তেওঁ কয়– আমাক কোনো ৰাজনৈতিক দলৰ দয়া নালাগে৷ ৰাইজ আমাৰ লগত আছে বুলি উল্লেখ কৰি এইবাৰ বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰিবই বুলি কয়৷