নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ছোনিয়াক সাক্ষাৎ কৰি মিত্রতা চূড়ান্ত কৰিব আজমলে

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ কংগ্রেছ–এআইইউডিএফৰ্ বহুচর্চিত মিত্রতাক লৈ প্রদেশ কংগ্রেছে হোঁহকা–পিছলা কৰি থকাৰ সময়তে ৰাজ্যৰ কংগ্রেছ নেতৃত্বক একাষৰীয়া কৰি নিখিল ভাৰত কংগ্রেছ কমিটীৰ সভানেত্রী ছোনিয়া গান্ধীৰে বৈঠকত মিলিত হৈ মিত্রতা চূড়ান্ত কৰাৰ ঘোষণা কৰিছে এআইইউডিএফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে৷ এই সম্পর্কত সংবাদ মাধ্যমৰ আগত আজমলে কয় যে কংগ্রেছ, এআইইউডিএফ, চিপিআই, চিপিআই (এম), চিপিআই (এম এল)কে ধৰি সকলো গণতান্ত্রিক আৰু ধর্মনিৰপেক্ষ ৰাজনৈতিক দল, শক্তি, একলগ হ’ব লাগে৷ অহা বিধানসভা নির্বাচনত বিজেপিক প্রতিহত কৰাৰ স্বার্থতে মহাজোঁট গঠন হ’ব লাগে৷

ইয়াৰ বাবে সকলোৱে ত্যাগ কৰিব লাগিব৷ কংগ্রেছৰে এআইইউডিএফৰ মিত্রতাৰ প্রসংগত তেওঁ দিল্লীত বিষয়টো চূড়ান্ত কৰিব বুলি জানিবলৈ দি কয় যে নিখিল ভাৰত কংগ্রেছ কমিটীৰ সভানেত্রী ছোনিয়া গান্ধীৰ লগত বৈঠকত মিলিত হৈ তেওঁ মিত্রতাৰ বিষয়টো চূড়ান্ত কৰিব৷ তাৰ পিছত প্রদেশ কংগ্রেছৰ পর্যবেক্ষকৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙৰ সৈতে যুটীয়াভাৱে মিত্রতাৰ বিষয়টো সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিব৷ আসন বুজাপৰাৰ বিষয়টো চূড়ান্ত কৰিবলৈ যথেষ্ট সময়ৰ প্রয়োজন হ’ব বুলিও তেওঁ প্রকাশ কৰি কয় যে তেওঁলোকে কিমানখন আসনত প্রতিদ্বন্দ্বিতা কৰিব বিচাৰিব, সেই পর্যায়লৈ যাবলৈ এতিয়াও বহু বাকী আছে৷

ইয়াৰ বাবে প্রত্যেকে ত্যাগ স্বীকাৰ কৰিব লাগিব৷ প্রার্থিত্বৰ বিষয়ে চূড়ান্ত কৰিবলৈ কমেও দুমাহ সময় লাগিব৷ সেইদৰে মিঞা মিউজিয়ামৰ প্রসংগ উত্থাপন কৰি বিতর্কৰ আৱর্তত সোমাই পৰা কংগ্রেছ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু উজনি অসমৰ ভোট নালাগে বুলি মন্তব্য কৰা কংগ্রেছ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিষয়ে প্রতিক্রিয়া ব্যক্ত কৰি আজমলে কয় যে মিঞা মিউজিয়াম আমাৰ দাবী নহয়৷ আমাক সকলোৰে ভোট লাগে৷ ইফালে কংগ্রেছৰে এআইইউডিএফৰ মিত্রতা দিল্লীত চূড়ান্ত কৰিব বুলি আজমলে কৰা মন্তব্যক কটাক্ষ কৰি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে দিল্লী, বাংলাদেশ, পাকিস্তান য’তে কৰে কৰি থাকক, সেয়া তেওঁলোকৰ কথা৷

আনহাতে অগপৰ সভাপতি মন্ত্রী অতুল বৰাই এই সম্পর্কত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে এআইইউডিএফে ধর্মীয় উন্মাদনা সৃষ্টি কৰিে বিভেদৰ বীজ সিঁচি দিছে৷ ধর্মীয় উন্মাদনাৰে বিভেদৰ বীজ সিঁচা এআইইউডিএফৰে মিত্রতা কৰিবলৈ কংগ্রেছ আগুৱাই গৈছে৷ কংগ্রেছে এআইইউডিএফৰে মিত্রতা কৰি এক ভস্মাসুৰ সৃষ্টি কৰিব বিচাৰিছে৷ সেই ভস্মাসুৰে কংগ্রেছক ধ্বংস কৰাই নহয়, অসমীয়া জাতিকো ক্ষতি কৰিব৷

You might also like