নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়াৱহ সংঘর্ষত নিহত জইচৰ চাৰি সন্ত্রাসবাদী

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ পাকিস্তানৰ পৰা ভাৰত ভূমিত প্রৱেশ কৰাৰ কেইঘণ্টামান পাছতে জম্মু–কাশ্মীৰৰ নাগ্রতাত ৪ দুধর্ষ সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰে নিৰাপত্তা বাহিনীয়ে৷ কেন্দ্রীয়শাসিত অঞ্চলটোৰ জম্মু–কাশ্মীৰ ৰাষ্ট্রীয় ঘাইপথৰ বেন অঞ্চলৰ নাগ্রতা ট’ল প্লাজাৰ সমীপত সন্ত্রাসবাদী গোটটোৰ সৈতে নিৰাপত্তা বাহিনীৰ সংঘর্ষ চলে৷ পুৱতিনিশা প্রায় ৫ বজাত চলা এই সংঘর্ষত নিৰাপত্তা বাহিনীয়ে ৪ দুর্ধর্ষ জইচ–ই–মহম্মদ সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰে৷

জম্মু–কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্রধান দিলবাগ সিঙে প্রকাশ কৰা মতে, যোৱানিশা এল অ’ চিৰে পাকিস্তানৰ পৰা সন্ত্রাসবাদীকেইটাই ভাৰত ভূমিত প্রৱেশ কৰি কাশ্মীৰ অভিমুখে আহি থকা অৱস্থাতে নিৰাপত্তা বাহিনীৰ সৈতে মুখামুখি হয়৷ আজি পুৱা প্রায় ৫ বজাত সন্ত্রাসবাদী গোট আৰু নিৰাপত্তা বাহিনীৰ মাজত প্রচণ্ড সংঘর্ষ চলে৷ এই সংঘর্ষত নিৰাপত্তা বাহিনীয়ে ৪ সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰে৷ অৱশ্যে সংঘর্ষৰ সময়ত দুজন জোৱানো আহত হয়৷ পাকিস্তানস্থিত জইচ–ই–মহম্মদৰ সশস্ত্র সন্ত্রাসবাদী ভাৰত ভূমিত প্রৱেশ কৰাৰ তথ্য লাভ কৰাৰ পাছতে ঘটনা সংঘটিত অঞ্চলটোত নিৰাপত্তা বাহিনী সক্রিয় হৈ আছিল৷

সেনা, চি আৰ পি এফ আৰু জম্মু–কাশ্মীৰ আৰক্ষীয়ে যুটীয়াভাৱে এই অভিযান চলায়৷ ছাম্বা ছেক্টৰৰ যোগেদি ভাৰত ভূমিত প্রৱেশ কৰা সন্ত্রাসবাদীৰ দলটোৱে ট্রাক এখনত উঠি ট’ল প্লাজাৰে কাশ্মীৰত প্রৱেশ কৰিবলৈ বিচাৰোঁতেই নিৰাপত্তা বাহিনীয়ে সন্দেহ কৰে আৰু ট্রাকখন ৰখাই দিয়ে৷ ট্রাকখন ৰখোৱাৰ পাছতেই চালকজন পলায়ন কৰে৷ নিৰাপত্তা বাহিনীয়ে ট্রাকখনত তালাচী চলোৱাৰ সময়তে সন্ত্রাসবাদীৰ গোটটোৱে আক্রমণ কৰে৷ সন্ত্রাসবাদীক প্রত্যাক্রমণ জনাই নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰি সন্ত্রাসবাদীকেইটাক হত্যা কৰিবলৈ সক্ষম হয়৷ ট্রাকখনৰ পৰা ১১টা এ কে–৪৭ ৰাইফল, ৩টা পিষ্টল, ২৯টা গ্রেনেড আৰু অন্যান্য সামগ্রী উদ্ধাৰ কৰে নিৰাপত্তা বাহিনীয়ে৷

উল্লেখ্য যে ডিষ্ট্রিক ডেভেলপমেণ্ট কাউন্সিল আৰু পঞ্চায়তৰ নির্বাচনত ব্যাঘাত জন্মাবলৈ বৃহৎ পৰিমাণৰ অস্ত্রসহ পাকিস্তানৰ সন্ত্রাসবাদীকেইটা জম্মু–কাশ্মীৰত প্রৱেশ কৰিছিল৷ উল্লেখ্য যে চলিত বর্ষৰ জানুৱাৰীতো ট্রাকত লুকাই অহা ৩ সন্ত্রাসবাদীক নিৰাপত্তা বাহিনীয়ে গুলীয়াই হত্যা কৰিছিল৷

You might also like