নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰৰ প্ৰতি আছিল বিশেষ হেঁপাহ… সতীৰ্থ-সহযোগীৰ দৃষ্টিত তৰুণ গগৈ

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ কালি প্ৰয়াণ ঘটা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ অসমৰ ৰাজনৈতিক জগতত ৫০ বছৰৰো অধিক কাল বিচৰণৰ অভিজ্ঞতাৰে পুষ্ট এক ব্যক্তিত্ব আছিল। ৰাজনীতিবিদগৰাকীৰ চিৰবিদায়ৰ সময়ত ভাগি পৰিছে তেওঁৰ সান্নিধ্যত থকা বহুকেইগৰাকী লোক।

তেওঁ আছিল কাৰোবাৰ বাবে পিতৃসম আৰু আন কাৰোবাৰ বাবে আছিল ৰাজনীতিৰ গুৰু। এনে এগৰাকী লোক বিপুল গগৈ। গগৈয়ে বিশেষ কৰ্তব্যৰত বিষয়া ৰূপে বিগত ২০ বছৰে ছাঁৰ দৰে আছিল প্ৰয়াত গগৈৰ লগত। কিন্তু আজি গগৈক হেৰুৱাই ভাগি পৰে তেওঁ। মৃত্যুৰ ঠিক আগে আগে তেওঁ পাটৰ গামোচা অৰ্পণ কৰি সেৱা জনায় গগৈৰ শ্ৰীচৰণত।

বিপুল গগৈয়ে কয়- ‘ছাৰে তিতাবৰখনৰ কথা বৰকৈ মনত পেলাইছিল, বাৰে বাৰে তিতাবৰৰ কথা কৈ থাকে। যোৱা ১৩ তাৰিখে মোক কৈছে ১৫ তাৰিখে গৈ তেওঁ তিতাবৰলৈ যাব। এখন সংবাদ মেল আয়োজনৰ দিহা দিছিল মোক। অথচ সেই সময়ত তেওঁ উঠিব পৰাকৈ সমৰ্থৱান নাছিল। কিন্তু অদম্য মনোবল আছিল তেওঁৰ।’

আনহাতে গগৈৰ মুখপাত্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা ঋতুপৰ্ণ কোঁৱৰে ব্যক্ত কৰে এইদৰে- ‘আমি পিতৃহাৰা হ’লোঁ। জন্মদাতা নহলেও তেওঁ আমাৰ পিতৃসম আছিল আৰু মৰমো কৰিছিল পুত্ৰৰ দৰে। ছাৰৰ কাৰণে ৰাজনীতি মানে আছিল মানৱ সেৱা। আৰু সাংবাদিকৰ প্ৰতি ছাৰৰ আছিল বিশেষ মৰম। ছাৰ মানসিকভাৱে দুৰ্বল নাছিল। কিন্তু কৰোনাই তেওঁক অলপ দুৰ্বল কৰা বুলি উল্লেখ কৰিছিল।’

‘আটাইতকৈ জটিল সন্ধিক্ষণত আমি এগৰাকী অভিজ্ঞ ব্যক্তিক হেৰুৱালো’ বুলি মত ব্যক্ত কৰে ভূপেন বৰাই। গগৈৰ সতীৰ্থ ৰাজনীতিকগৰাকী কয় যে তেওঁ আজি যিখিনি ৰাজনৈতিক শিক্ষা পাইছে, সেয়া প্ৰয়াত গগৈৰ লগত থাকি শিকা। আনহাতে গগৈৰ এগৰাকী ব্যক্তিগত সহায়ক উদিত ভানুৱে প্ৰকাশ কৰে এইদৰে- ‘ছাৰৰ দৰে এগৰাকী মহান নেতা অসমে সহজে পোৱাটো টান। মোৰ পিতৃৰ দৰে তেওঁক সদায়ে স্মৰণ কৰি যাম।’

You might also like