নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধূপধৰা–পদুপাৰাত আঠ বছৰে বিকল পানী যোগান আঁচনি

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ  ভালুকৰ সাঙীত পৰিণত হৈছে গোৱালপাৰা জিলাৰ পানীযোগান আঁচনিসমূহ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা নির্মাণ কৰা পানী যোগান আঁচনিসমূহৰ অধিকাংশই বিকল৷ জিলাখনৰ প্রায় ৮২ শতাংশ পানী যোগান কেন্দ্রই এতিয়া হাবি–জংঘলেৰে পৰিপূর্ণ হৈ আছে৷ দুধনৈ বিধানসভা সমষ্টিৰ অন্তর্গত ধূপধৰা–পদুপাৰা পানী যোগান কেন্দ্রটোও বিগত আঠ বছৰ ধৰি বিকল হৈ আছে৷ পানী যোগান কেন্দ্রটোৰ চৌহদ হাবি জংঘলেৰে ভৰি পৰাৰ লগতে কেন্দ্রটোৰ গৃহসমূহো জহি–খহি যাবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ পাছতো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোনো গুৰুত্ব নাই৷

উল্লেখ্য যে পানী যোগান কেন্দ্রটো দহ বছৰ পূর্বে নির্মাণ কৰা হৈছিল৷ নির্মাণ সম্পূর্ণ হোৱাৰ পাছত দুবছৰমান পানী যোগান ধৰাৰ পাছতে কেন্দ্রটোৰ মেচিন বিকল হৈ পৰে ৷ বিকল হোৱা মেচিন আজি আঠ বছৰে মেৰামতি নকৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগে ৷ ফলত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হ’ব লগা হৈছে ৰাইজ ৷ উপায়হীন হৈ কেঁচা কুঁৱাৰ পানী, নদীৰ পানী খায়ে জীৱন অতিবাহিত কৰিব লগা হৈছে অঞ্চলটোৰ বাসিন্দাই৷ খৰালি বতৰ অহাৰ লগে লগে কুঁৱাৰ পানীও শুকাই যাবলৈ আৰম্ভ কৰিছে৷ সেয়ে গা ধোৱা, কাপোৰ ধোৱাকে আদি কৰি দৈনন্দিন লাগতিয়াল পানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে৷ সেয়ে ৰাইজে বিভাগীয় কর্তৃপক্ষৰ ওচৰত দাবী জনাইছে যাতে কেন্দ্রটো পুনৰ কার্যক্ষম কৰি অঞ্চলটোৰ ৰাইজক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰে৷

You might also like