পিলিংকাটাৰ ৰীণা দাসৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিলত ব্যর্থ আৰক্ষী
অভিযুক্ত বোৱাৰী ললিতা দাস দলেক মাৰাথন জেৰা
নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ বশিষ্ঠৰ পিলিংকাটাৰ সৰবৰহী মহিলা ৰীণা দাসৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক আজিও গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই মহানগৰ আৰক্ষী৷ যোৱা ৯ নৱেম্বৰৰ সন্ধিয়া ৬.৩০ বজাত পিলিংকাটা শিৱ পথৰ ৭নং বাসগৃহৰ প্রথম মহলাৰ শৌচাগাৰৰ ভিতৰত তেজেৰে লুতুৰিপুতুৰি অৱস্থাত ৰীণা দাসৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ প্রাথমিক তদন্তৰ অন্তত মহানগৰ আৰক্ষীয়ে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছিল৷ পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্রকাশ কৰি আৰক্ষীয়ে পুত্র, বোৱাৰী আৰু সন্দেহৰ আৱর্তত থকা কেইবাজনো লোকক সোধা–পোছা অব্যাহত ৰাখিছে৷ এই হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত বশিষ্ঠ আৰক্ষীয়ে ৰীণা দাসৰ বোৱাৰী ললিতা দাস দলেক গ্রেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে হত্যাকাণ্ডৰ ৰহস্য উদ্ঘাটন কৰিব পৰা নাই৷ বশিষ্ঠ আৰক্ষীয়ে মোবাইল ফোনৰ কললিষ্টৰ আধাৰত বহুকেইগৰাকী লোকক জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে বোৱাৰী ললিতাৰ সৈতে মধুৰ সম্পর্ক ৰক্ষা কৰি অহা মুকেশ কুমাৰ গুপ্তা নামৰ লোকজনকো সোধা–পোছা অব্যাহত ৰাখিছে৷ বেলতলাত পার্লাৰৰ ব্যৱসায় চলোৱা বোৱাৰী ললিতাৰ সৈতে মুকেশে ফোনত সঘনাই যোগাযোগ ৰাখিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ স্থানীয় ৰাইজে বোৱাৰী ললিতাৰ সৈতে ৰীণা দাসৰ প্রায়ে মাটি–সম্পত্তিক লৈ কাজিয়াৰ সূত্রপাত হোৱা বুলি জানিবলৈ দিছে৷ ইফালে, মুকেশ কুমাৰ গুপ্তা নামৰ লোকজনৰ সৈতেও ললিতাৰ অবৈধ সম্পর্ক থকা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে৷ অবৈধ সম্পর্ক আৰু মাটি–সম্পত্তিৰ বিবাদৰ বাবে এই হত্যাকাণ্ড সংঘটিত হ’ব পাৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে৷ অৱশ্যে আৰক্ষীৰ তদন্ততহে এই হত্যাকাণ্ডৰ ৰহস্য পোহৰলৈ আহিব৷ তদন্তকাৰী আৰক্ষীয়ে যোৱা ২৩ নৱেম্বৰত ৰীণা দাসৰ হত্যাৰ অভিযোগত বোৱাৰী ললিতা দাস দলেক গ্রেপ্তাৰ কৰি তিনিদিনৰ জিম্মাত লয়৷ কালি পুনৰ আৰক্ষীয়ে ললিতাক তিনিদিনৰ বাবে জিম্মাত লৈ মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ কিন্তু এতিয়ালৈকে ললিতাই এই হত্যাকাণ্ড সন্দর্ভত মুখ খোলা নাই৷ অৱশ্যে আৰক্ষীয়ে শীঘ্রে হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্তক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিছে৷