নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ দিন মাস্ক বাধ্যতামূলক কৰিব বাইডেনে

চিএনএনৰ সৈতে সাক্ষাৎকাৰত ডেম’ক্রেটিক নেতাৰ ঘোষণা

নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত জয়লাভ কৰা ডেম’ক্রেটিক নেতা জ’ বাইডেনে উল্লেখ কৰিছে যে হোৱাইট হাউছৰ শীর্ষ পদবীৰ দায়িত্ব তেওঁ গ্রহণ কৰাৰ পাছতে সকলো আমেৰিকানক প্রথম ১০০ দিনৰ বাবে মাস্ক পৰিধান কৰিবলৈ অনুৰোধ জনাব৷ অর্থাৎ বাইডেনৰ কার্যকালৰ প্রথম ১০০ দিন ক’ভিড–১৯ মহামাৰী প্রতিৰোধৰ বাবে আমেৰিকাবাসীয়ে মাস্ক পৰিধান কৰিবলগীয়া হ’ব পাৰে৷ চি এন এনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নেতাগৰাকীয়ে এই কথা উল্লেখ কৰিছে৷ বাইডেনৰ মতে, যদি প্রতিজন আমেৰিকানে বাধ্যতামূলকভাৱে ফেচমাস্ক পৰিধান কৰে, তেন্তে ক’ভিড–১৯ মহামাৰীৰ সংক্রমণ লক্ষণীয়ভাৱে হ্রাস পাব৷ ৰাষ্ট্রপতিৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্রহণ কৰাৰ পাছত বাইডেনে দেশখনৰ চৰকাৰী কার্যালয়সমূহত মাস্ক পৰিধান বাধ্যতামূলক কৰাৰ নির্দেশ জাৰি কৰিব বুলিও এই সাক্ষাৎকাৰত ঘোষণা কৰিছে৷ স্মর্তব্য যে বিশ্বৰ ভিতৰতে ক’ভিড মহামাৰীত গৰিষ্ঠসংখ্যক লোক আক্রান্ত হৈছে আমেৰিকাত৷ দেশখনত এতিয়ালৈকে এক কোটি ৪১ লাখ লোক ক’ভিড মহামাৰীত আক্রান্ত হৈছে৷ ইফালে এই মহামাৰীত দেশখনত প্রাণ হেৰুৱাইছে দুই লাখ ৭৬ হাজাৰ লোকে৷ স্মর্তব্য যে শেহতীয়াকৈ ক’ভিড মহামাৰীয়ে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰিছে আমেৰিকাত৷ দেশখনত প্রতিদিনে প্রায় ২ লাখ লোক নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হৈছে৷

You might also like