নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ ডিচেম্বৰৰ পৰা খুলিব ছাত্রাৱাস; শিক্ষার্থীৰ ক’ভিড টেষ্ট বাধ্যতামূলক

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ ক’ভিডকেন্দ্রিক পৰিৱেশৰ বাবে যোৱা মার্চ মাহৰ মাজভাগৰ পৰা বন্ধ হৈ থকা শিক্ষানুষ্ঠানৰ ছাত্রাৱাসসমূহ পুনৰ আৰম্ভ কৰাৰ প্রস্তুতি আৰম্ভ কৰিছে শিক্ষা বিভাগে৷ এই সন্দর্ভত আজি শিক্ষা বিভাগে এছঅ’পি প্রকাশ কৰিছে৷ অহা ১৫ ডিচেম্বৰৰ পৰা খুলিবলগা ছাত্রাৱাসসমূহৰ ক্ষেত্রত শিক্ষা বিভাগে এই এছঅ’পিৰ জৰিয়তে প্রস্তুত কৰি দিছে কিছু নীতি–নির্দেশনা৷

উল্লেখ্য যে ১ জানুৱাৰীৰ পৰা শিক্ষানুষ্ঠানসমূহ খোলাৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ সেই অনুসৰি ১ জানুৱাৰীৰ পৰা নার্ছাৰীকে ধৰি নিম্ন প্রাথমিক শ্রেণীসমূহৰ পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ এই সিদ্ধান্তৰ পাছতেই শিক্ষা বিভাগে ১৫ ডিচেম্বৰৰ পৰা চূড়ান্ত বর্ষৰ ছাত্র–ছাত্রীৰ বাবে নিৱাসসমূহ খুলি দিয়াৰ বাবে এছঅ’পি মুকলি কৰে৷

ইতিমধ্যে কলেজৰ অধ্যক্ষসকলক হোষ্টেলসমূহ পৰিষ্কাৰ কৰাৰ বাবে নির্দেশ দিয়া হৈছে৷ অৱশ্যে আনসকল ছাত্র–ছাত্রীৰ বাবে হোষ্টেলসমূহ এই সময়ছোৱাত খুলি দিয়া নহয়৷ আজি প্রকাশ কৰা এছ’পি অনুসৰি ছাত্রাৱাস, ছাত্রী নিৱাসলৈ চূড়ান্ত বর্ষৰ ছাত্র–ছাত্রীসকল অহাৰ সময়ত তেওঁলোকৰ ক’ভিড টেষ্ট কৰা হ’ব৷ একেদৰে প্রতিটো নিৱাসৰ কোঠা ছেনিটাইজেচন কৰিব লাগিব৷ ছাত্রী নিৱাসৰ অধীক্ষকসকলে এইক্ষেত্রত সকলো দায়িত্ব গ্রহণ কৰিব লাগিব৷ যিসকল ছাত্র–ছাত্রীয়ে নিৱাসলৈ আহিব বিচাৰে, তেওঁলোকে অভিভাৱকৰ পৰা লিখিত অনুমতি লৈ আহিব লাগিব৷

হোষ্টেলৰ ছাত্র–ছাত্রীসকলক প্রৱেশৰ ক্ষেত্রত একোটা গ্রুপত ভাগ কৰিবলৈ এছঅ’পিৰ জৰিয়তে নির্দেশনা দিয়া হৈছে৷ অর্থাৎ এটা গ্রুপ হোষ্টেললৈ অহাৰ পাছতহে আনটো গ্রুপ হোষ্টেললৈ আহিব পাৰিব৷ নিৱাসসমূহত ছাত্র–ছাত্রীৰ সংখ্যা যাতে ৫০ শতাংশৰ অধিক নহয়, সেই দিশটোৰ প্রতি অধীক্ষকে নজৰ দিব লাগিব৷ একেদৰে ছাত্র–ছাত্রীৰ নিৱাসসমূহত ক’ভিড প্রট’কল অনুসৰি সামাজিক আৰু শাৰীৰিক দূৰত্ব বজাই ৰাখিব লাগিব৷

এছঅ’পি অনুসৰি হোষ্টেললৈ আহিব খোজা ছাত্র–ছাত্রীসকলৰ ভিতৰত সেইসকল ছাত্র–ছাত্রীক অগ্রাধিকাৰ দিয়া হ’ব, যিসকল ছাত্র–ছাত্রী নিজ গৃহত অনলাইন শিক্ষাৰ পৰা বঞ্চিত হৈ আছে৷ চূড়ান্ত বর্ষৰ ছাত্র–ছাত্রীসকলে হোষ্টেললৈ অহাৰ ক্ষেত্রত প্রথমে অগ্রাধিকাৰ পাব৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা হোষ্টেললৈ আহিবলগা ছাত্র–ছাত্রীসকলৰ ভ্রমণ বৃত্তান্ত, তেওঁলোকৰ ফোন নম্বৰ আদি অধীক্ষকে সংগ্রহ কৰি থ’ব লাগিব৷ প্রয়োজনসাপেক্ষে কোৱাৰেণ্টাইনৰ ব্যৱস্থাও কৰিব লাগিব৷

চিকিৎসকৰ দ্বাৰা আৱশ্যক অনুযায়ী স্বাস্থ্য পৰীক্ষা কৰাৰ প্রয়োজন হ’ব৷ ছাত্র–ছাত্রীৰ নিৱাসসমূহৰ পৰা আৱশ্যক নোহোৱা লোকসকলক আঁতৰাই ৰাখিব লাগিব৷ প্রতি সপ্তাহত চিকিৎসক তথা স্বাস্থ্যকর্মীৰ জৰিয়তে হোষ্টেলৰ ৰান্ধনিশাল আৰু কোঠাসমূহ পৰিষ্কাৰ হৈ আছে নে নাই, সেয়া পৰীক্ষা কৰিব লাগিব৷

আনহাতে, ছাত্র–ছাত্রীসকলৰ ক্ষেত্রত এছ’পিৰ জৰিয়তে ইয়াকো স্পষ্ট কৰি দিয়া হৈছে যে আৱাসত থকা সময়ত কোনো ছাত্র–ছাত্রী অসুস্থ হ’লে তেওঁ আছুতীয়াকৈ ৰাখিব লাগিব৷ সকলো সময়তে মাস্ক পৰিধান কৰি থকাৰ লগতে চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰিব লাগিব৷ হোষ্টেলসমূহৰ অধীক্ষকে এইক্ষেত্রত অধিক গুৰুত্ব দিব লাগিব যাতে হোষ্টেলৰ ৰান্ধনি, খাদ্য বিতৰণ কৰা কর্মচাৰী তথা আন কর্মচাৰীসকল ক’ৰোনাৰ দ্বাৰা আক্রান্ত হোৱা ব্যক্তি নহয়৷ হোষ্টেলৰ কর্মচাৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ দায়িত্ব অধীক্ষকৰ৷ পৰিষ্কাৰ–পৰিচ্ছন্ন, হাত ধোৱা, মাস্ক পৰিধান কৰা আদি সকলো সময়তে যাতে উপলব্ধ হয়, সেই দিশত হোষ্টেলৰ অধীক্ষকে গুৰুত্ব দিব লাগিব৷

You might also like