নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ সকলো ৰাজনৈতিক দলৰ বাবে গুৰুত্বপূর্ণ হিচাপে চিহ্ণিত হোৱা বৃহত্তৰ হায়দৰাবাদ পৌৰ নিগমৰ (জিএইচএমচি) নির্বাচনত এইবাৰ বিজেপিয়ে আশা কৰাধৰণে খোপনি সুদৃঢ় কৰিবলৈ সক্ষম হৈছে৷ প্রতিটো দলৰে ৰথী–মহাৰথীসকলে হায়দৰাবাদৰ এই নির্বাচনত প্রচাৰ তীব্রতৰ কৰিছিল৷ বিজেপিয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ দৰে নেতাসকলক হায়দৰাবাদৰ তেলেংগানা ৰাষ্ট্র সমিতিৰ (টিআৰএছ) দুর্গ উৎখাত কৰাৰ বাবে প্রচাৰত নমাইছিল৷ আজি ঘোষণা হোৱা নির্বাচনৰ ফলাফল অনুসৰি বাতৰি যুগুতোৱাৰ পৰলৈ টি আৰ এছে ৫৬খন আসনত বিজয় সাব্যস্ত কৰি প্রথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ ইফালে দলটোৱে এখন আসনত আগবাঢ়ি আছে৷
এ আই এম আই এমৰ সবল সাংগঠনিক ভেটি থকা হায়দৰাবাদত বিজেপি ৪৭খন আসনেৰে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ দলটো আন এখন আসনত আগবাঢ়ি আছে এই বাতৰি যুগুতোৱাৰ পৰলৈ৷ ইফালে আছাদুদ্দিন ওৱেইছিৰ এ আই এম আই এমে এই নির্বাচনত ৪৩খন আসন লাভ কৰি তৃতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হৈছে৷ নির্বাচনত কংগ্রেছ দল চূড়ান্তভাৱে ব্যর্থ হৈছে৷ দলটোৱে মাত্র দুখন আসন লাভ কৰিবলৈ সক্ষম হৈছে পৌৰ নিগমৰ নির্বাচনত৷
উল্লেখনীয় যে টিডিপি বা অন্যান্য দলসমূহে এই নির্বাচনত এখনো আসন দখল কৰিবলৈ সক্ষম নহ’ল৷ লক্ষণীয়ভাৱে বহু নির্দলীয় প্রার্থীয়ে জি এইচ এম চিৰ নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও বিজেপিৰ প্রচাৰত সকলো প্রার্থী নিষ্প্রভ প্রদর্শন কৰিবলগীয়া হয়৷ ইফালে কংগ্রেছ দলৰ চূড়ান্ত ব্যর্থতাৰ পাছতে তেলেংগানা কংগ্রেছৰ মুৰব্বী উত্তম কুমাৰ ৰেড্ডীয়ে পদত্যাগ কৰিছে৷ হায়দৰাবাদ পৌৰ নির্বাচনত দলীয় শোচনীয় প্রদর্শনৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি নেতাগৰাকীয়ে পদত্যাগ কৰা বুলি ঘোষণা কৰিছে৷