নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিত বিজেপি চৰকাৰ গঠন হ’লে জিলাৰ মৰ্যাদা পাব তামুলপুৰে; স্থাপন হ’ব মেডিকেল কলেজ

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ আজি বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰিব। সোমবাৰে অনুষ্ঠিত হ’ব বিটিচিৰ ২১ টা সমষ্টিৰ নিৰ্বাচন।

সেই উপলক্ষ্যে আজি বাক্সা-ওদালগুৰিক ৩ খনকৈ নিৰ্বাচনী সভাত অংশ লয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ গৌমাৰীত এক প্ৰচাৰ সভাত অংশ লৈ কয়- “বিটিচিত পৰিৱৰ্তন আহিব লাগিব। সেই পৰৱৰ্তনৰ বাবে আপোনালোকে বিজেপি দলক ভোট দি জয়যুক্ত কৰিব লাগিব।” এই সভাতে মন্ত্ৰী ড০ শৰ্মাই বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰিলে তামুলপুৰক জিলা ঘোষণা কৰা হ’ব বুলি মন্তব্য কৰে। যাৰ ফলত ৰাইজৰ অভাৱ-অভিযোগ বহুখিনি দূৰ হ’ব বুলি কয়।

ইপিনে ৩০০ কোটি টকা ব্যয় সাপেক্ষে পাগলাদিয়া নৈৰ ওপৰত এখন নতুন দলং নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰোপৰি ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে চৰকাৰে তামুলপুৰত এখন মেডিকেল কলেজ স্থাপন কৰাৰ সিদ্ধান্ত লোৱা বুলিও মন্তব্য কৰে।

লগতে ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ তামুলপুৰত কলা বিজ্ঞান আৰু বাণিজ্য বিষয় সামৰি এখন চৰকাৰী মহাবিদ্যালয় স্থাপন কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

আনহাতে কোকৰাঝাৰত বিজেপি চৰকাৰ গঠন হ’লে তামুলপুৰত বিশেষকৈ গৌমাৰীত ১০ কোটি টকা খৰছেৰে নতুন ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব বুলি মন্তব্য কৰে।

ইফালে সমগ্ৰ অসমৰ আন আন জিলাসমূহৰ দৰে বিটিচিৰ ১৬ হাজাৰ পৰিয়ালে অৰুণোদয় আঁচনিৰ অধীনত মাহে ৮৩০ টকাকৈ অনুদান লাভ কৰিব বুলি মন্তব্য কৰে।

উল্লেখ্য যে অন্তিম দিনা নিৰ্বাচনী প্ৰচাৰ চলাই বিটিচি অঞ্চলত উন্নয়ন নোহোৱা বুলি মন্তব্য কৰি মন্ত্ৰী ড০ শৰ্মাই বিপিএফ দলক সমালোচনাৰ লক্ষ্য কৰি লয়।

You might also like