নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তথ্যচিত্রৰ জৰিয়তে ক’ৰোনা প্রতিৰোধৰ সজাগতা অভিযান

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃমহানগৰীৰ গান্ধীবস্তি নিৱাসী গোপাল মহন্ত আৰু ঝমু ৰাণী দত্তৰ দ্বিতীয় সন্তান অৰিন্দম মহন্তই তথ্যচিত্রৰ জৰিয়তে ক’ৰোনা সজাগতাৰ প্রয়াস কৰিছে৷ তেজপুৰৰ ডন বস্ক’ হাইস্কুলৰ ষষ্ঠ শ্রেণীৰ ছাত্র অৰিন্দমে সামাজিক দায়বদ্ধতাৰ প্রতি অতিকৈ আগ্রহী৷ সেয়ে ১২ বছৰ বয়সীয়া ছাত্রজনে ক’ৰোনা মহামাৰীৰ পৰা জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ লক্ষ্যৰে এখন নিজে তথ্যচিত্র নির্মাণ কৰি উলিয়ায়৷

তথ্যচিত্রখনত মাস্ক পৰিধান কৰা, ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে অনলাইনযোগে শিক্ষার্থীসকলে কেনেদৰে শিক্ষা গ্রহণ কৰিব সেই সম্পর্কে সজাগতামূলক দৃশ্য প্রকাশ কৰা হয়৷ সজাগতামূলক তথ্যচিত্রখনত অৰিন্দমৰ লগত সহযোগ কৰিছিল তেওঁৰ স্কুলীয়া সতীর্থ বন্ধু কল্লোল বৰুৱা, আছিদ হক, শ্রুতি কাশ্যপ, মুগ্ধ কাশ্যপে৷

ইতিমধ্যে ইউটিউবত তথ্যচিত্রখন সম্প্রচাৰ হৈছে৷ যথেষ্ট লোকে তথ্যচিত্রখন উপভোগ কৰি অৰিন্দম মহন্তক শুভেচ্ছা জ্ঞাপন কৰে৷ এইক্ষেত্রত পিতৃ গোপাল মহন্ত আৰু মাতৃ ঝমু ৰাণী দত্তই কয় যে অৰিন্দমৰ সৰুৰ পৰাই কিবা এটা কৰাৰ হেঁপাহ৷ তথ্যচিত্রখন নিজে নির্মাণ কৰি ক’ৰোনা মহামাৰীৰ পৰা জনসাধাৰক পৰিত্রাণ পোৱাৰ এক প্রয়াস তথ্যচিত্রত প্রকাশ কৰিছে বুলি তেওঁলোকে কয়৷ উল্লেখ্য যে অৰিন্দম মহন্তই পঢ়া–শুনা কৰাৰ লগতে অভিনয়, ছবি নির্মাণৰ জৰিয়তে সমাজৰ দায়িত্ববোধৰ পৰিচয় দিব বিচাৰে৷

You might also like