নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি BTC নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনঃ কোকৰাঝাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰেলী

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ আজি বিটিচিৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন। অন্তিম দিনা কোকৰাঝাৰৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সৈতে কেইবা ঠাইতো নিৰ্বাচনী প্ৰচাৰত  অংশ ল’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

প্ৰথমে কোকৰাঝাৰৰ পুটিয়াবাৰীত বিশাল বাইক ৰেলীত অংশ লয় মন্ত্ৰী ড০ শৰ্মাই। তাৰপাছত হাটশিঙিমাৰী হাইস্কুল খেলপথাৰৰ পৰা পদযাত্ৰাতো অংশ লয় মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে কোকৰাঝাৰ আৰু চিৰাঙত ১৯ খন আসনৰ বাবে অহা ১০ ডিচেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

ইফালে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ছোৱাত শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হোৱাৰ বাবে বাক্সা আৰু ওদালগুৰিবাসীক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে প্ৰথম পৰ্যায়ত ৰাইজৰ স্বতস্ফূত অংশগ্ৰহণৰ বাবে বিটিআৰত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলিও দাবী কৰে মন্ত্ৰী ড০ শৰ্মাই।

You might also like