নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জে পি নাড্ডাৰ কনভয়ত শিল-ইটাৰে আক্ৰমণ, আহত বিজেপি নেতা-কৰ্মী

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰঃ বিজেপিৰ সভাপতি জে পি নাড্ডাই পশ্চিমবংগ ভ্ৰমণৰ দ্বিতীয় দিনটোত আক্ৰমণৰ সন্মুখীন হ’ল দুৰ্বৃত্তৰ। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজাক সাংসদ অভিষেক বেনাৰ্জীৰ সংসদীয় সমষ্টি ডায়মণ্ড হাৰ্বাৰলৈ গৈ থকা অৱস্থাত আক্ৰমণৰ সন্মুখীন হয় নাড্ডা। বিজেপিয়ে অভিযোগ কৰা মতে, জে পি নাড্ডা আৰু কৈলাস বিজয়ভাৰ্গীয়াৰ কনভয়ৰ ওপৰত তৃণমূল কংগ্ৰেছৰ সমৰ্থকে আক্ৰমণ কৰিছিল।

জানিব পৰা মতে, নাড্ডাৰ কনভয়টোৱে টি এম চিৰ সমদলৰ সন্মুখীন হয় দক্ষিণ ২৪ পৰগানাত। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষৰ অভিযোগ মতে, টিএমচিৰ কৰ্মীসকলে বিজেপি সভাপতি জে পি নাড্ডাৰ কনভয় প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰে আৰু শিল-ইটা দলিয়াই আক্ৰমণ কৰে।

নিৰাপত্তাৰক্ষীৰ সহায়ত অৱশেষত জে পি নাড্ডাই ডায়মণ্ড হাৰ্বাৰত উপস্থিত হয়। হাৰ্বাৰত উপস্থিত হৈয়েই নাড্ডাই কয় যে বুলেট প্ৰুফ গাড়ীৰ বাবে তেওঁ কথমপি ৰক্ষা পৰিলে যদিও মুকুল ৰয়, বিজয়ভাৰ্গীয়াকে ধৰি বিজেপিৰ বহুকেইগৰাকী নেতা-কাৰ্যকৰ্তা আহত হৈছে।

বিজেপি নেতা কৈলাস বিজয়ভাৰ্গীয়াই কয়, ‘এই আক্ৰমণত মই আঘাতপ্ৰাপ্ত হৈছোঁ। দলৰ সভাপতিৰ গাড়ীতো আক্ৰমণ কৰা হৈছিল। পুলিচৰ উপস্থিতিত গাঁওবোৰে আমাক আক্ৰমণ কৰিছিল। এনে অনুভৱ হৈছিল যেন আমি আমাৰ নিজৰ দেশত নাছিলোঁ।’

শাসনাধিষ্ঠিত দলৰ এগৰাকী ৰাষ্ট্ৰীয় সভাপতিক শিল-ইটাৰে আক্ৰমণ কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে দেশজুৰি। গৃহমন্ত্ৰী অমিত শ্বাহে এই ঘটনাৰ প্ৰতিবেদন বিচাৰিছে ৰাজ্য চৰকাৰৰ পৰা।

You might also like