নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৈনিক খায় ২০ লিটাৰ পানীঃ নাখালেই অসুস্থ হৈ পৰে এইজন যুৱক! কিন্তু কিয়?

নিয়মীয়া বাৰ্ত ১১ ডিচেম্বৰঃ দুঘণ্টাতকৈ অধিক সময় পানী নোখোৱাকে থাকিব নোৱাৰে এইজন যুৱকে। যদি তেনে কৰে তেন্তে টেটু-বুকু সকলো শুকান হৈ পৰে যুৱকজনৰ।

যদি মাৰ্কে কিছু ঘণ্টা পানী নাখায়, তেওঁৰ শৰীৰ শুকাই যাব আৰু তেওঁ দুঘণ্টাৰ ভিতৰতে মৃত্যুবৰণ কৰিব।

লগতে পঢ়কঃ ছোনিয়া গান্ধীৰ কাষ চাপিবলৈ কাক উৎকোচ দিছিল ৰাজীৱ গান্ধীয়ে?

ইপিনে এই সমস্যাৰ বাবে ৩৬ বছৰীয়া যুৱকজনে ২ ঘণ্টাতকৈ অধিকসময় শুব নোৱাৰে।

 ছবিঃ উব্বেনহোৰ্ষ্টৰ ফেচবুক একাউণ্টৰ পৰা

এই বিৰল ৰোগত আক্রান্ত জার্মান যুৱকজনৰ নাম হৈছে মার্ক উব্বেনহোৰ্ষ্ট। বিশেষজ্ঞ চিকিৎসকে জনাইছে, মার্ক প্ৰকৃততে ‘ডায়াবেটিছ ইনছিপিডাছ’-ত (Diabetes insipidus) আক্রান্ত।

চিকিৎসকসকলে জনাইছে, ‘ডায়াবেটিছ ইনচিপিডাছ’-ত আক্রান্ত ব্যক্তিসকল পানী খোৱাৰ পাছতেই প্রস্রাব অত্যাধিক প্ৰস্ৰাৱ হয়। যাৰবাবেএই সমস্যাত পৰা সকলে শৰীৰত সেই পানী ধৰি ৰাখিব নোৱাৰে। অতিমাত্ৰা প্ৰস্ৰাৱ হোৱাৰ ফলত তীব্ৰ তৃষ্ণা আৰু নিৰ্জলীকৰণ হয়।

‘ডায়াবেটিছ ইনচিপিডাছ’ত ভুগি থকা মাৰ্কে, নিজৰ লগত দিনটো কেইবা লিটাৰ পানী ৰাখিব লাগে। ক’ৰবালৈ গ’লে তেওঁ ফোন নিব পাহৰিলেও, পানীৰ বটলটো কেতিয়াও নাপাহৰে। ইপিনে, এই সমস্যাৰ বাবেই ক্ৰীড়া আৰু দীঘলীয়া যাত্ৰাৰ পৰা দূৰত থাকিব লাগে মাৰ্ক।

বৰ্তমানলৈকে, চিকিৎসকসকলে এই নিৰ্দিষ্ট প্ৰকাৰৰ ডায়বেটিছ ৰোগৰ বাবে কোনো চিকিৎসা বিচাৰি পোৱা নাই। অৱশ্যে, এই সমস্যাটো সমাধান কৰিবলৈ গৱেষণা চলি আছে।

You might also like