নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতি ছেছনত মাত্র ১০০জনক ভেকচিন

টিকাকৰণক লৈ কেন্দ্রৰ এছ অ’ পি

নিয়মীয়া বাৰ্তা ১৩ ডিচেম্বৰঃ  ক’ভিড–১৯ ভেকচিন প্রয়োগৰ বাবে সাজু হ’লেই এই ভেকচিন কিদৰে প্রদান কৰা হ’ব৷ তাক লৈ কেন্দ্র চৰকাৰে নতুন এছ’পি জাৰি কৰিছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ নতুন এছপি অনুসৰি টিকাকৰণৰ কাৰণে দিন নির্ধাৰিত কৰিব পাৰিব ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহে৷ এই টিকাকৰণ প্রক্রিয়া নির্বাচনী প্রক্রিয়াৰ দৰেই একেই হ’ব৷ প্রতিটো ছেছনত মাত্র ১০০জনক ভেকচিন প্রদান কৰ হ’ব৷ অৱশ্যে লজিষ্টিক অনুসৰি ইয়াৰ সংখ্যা প্রতিটো ছেছনত ২০০লৈ বৃদ্ধি পাব পাৰে৷ ক’ভিড–১৯ টিকাকৰণৰ বাবে ইতিমধ্যে ক’ভিড–১৯ ভেকচিন এডমিনিষ্ট্রেচনৰ ওপৰত ৰাষ্ট্রীয় বিশেষজ্ঞ গোট গঠন কৰা হৈছে৷

You might also like