নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ চৰকাৰী কর্মচাৰীসকলৰ পোছাকক লৈ নতুন বিধি আৰম্ভ কৰিলে মহাৰাষ্ট্র চৰকাৰে। শুকুৰবাৰে এক বিজ্ঞপ্তিত চৰকাৰী কর্মচাৰীসকলৰ উদ্দেশ্যে জনোৱা হৈছে যে এতিয়াৰে পৰা তেওঁলোকে জিন্স, টি-চার্ট পিন্ধি অফিছ যাব নোৱাৰিব।
প্রশাসনে চৰকাৰী কর্মচাৰীসকলৰ পোছাকৰ যি নির্দেশিকা জাৰী কৰিছে, তাত স্পষ্টভাবে উল্লেখ কৰিছে কি কি পিন্ধিব পৰা যাব আৰু কি কি নাযাব। মহাৰাষ্ট্র চৰকাৰে পোছাকৰ ক্ষেত্রত এই নীতি নিৰ্ধাৰণ কৰাৰ মূল কথা এয়ে যে কাৰ্যালয়ত কর্মসংস্কৃতিৰ পৰিবেশ অটুট ৰখা।
কেৱল এয়াই নহয়, কাঢ়া ৰঙ-চঙীয়া কাপোৰ পিন্ধিও অফিছ যোৱাৰ ওপৰত নিষেধাজ্ঞা জনাইছে চৰকাৰে।