নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত জানুৱাৰীৰ পৰা আৰম্ভ হ’ব পাৰে ক’ভিডৰ টিকাকৰণঃএছ আই আইৰ বিষয়ববীয়া পুনাৱালাৰ ঘোষণা

নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ  ভাৰতত ক’ভিড ১৯ৰ টিকাকৰণ আগন্তুক বর্ষৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব পাৰে৷ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ (এছ আই আই) মুখ্য কার্যবাহী বিষয়া (চি ই অ’) আদৰ পুনাৱালাই আজি সংবাদ মাধ্যমক জনাইছে এই কথা৷ এছ আই আয়ে ক’ভিড ভেকচিন প্রদানৰ বাবে এই মাহৰ শেষলৈ সংশ্লিষ্ট কমিটীৰ পৰা অনুমতি লাভ কৰিব বুলি আশা প্রকাশ কৰিছে পুনাৱালাই৷ ইক’নমিক টাইমছৰ গোলকীয় বাণিজ্যিক সন্মিলনত পুনাৱালাই উল্লেখ কৰে যে ভাৰতৰ প্রতিগৰাকী লোকক ২০২১ৰ অক্টোবৰৰ ভিতৰত ভেকচিন প্রদান কৰাটো সম্ভৱ হ’ব পাৰে৷ ইয়াৰ পাছতেই মহামাৰীমুক্ত স্বাভাৱিক জীৱনযাত্রা আৰম্ভ হ’ব পাৰে দেশত৷ চি ই অ’গৰাকীয়ে উল্লেখ কৰা অনুসৰি চলিত মাহৰ শেষত ভেকচিন প্রদানৰ জৰুৰী অনুজ্ঞা–পত্র লাভ কৰিব পাৰে এছ আই আয়ে৷ অৱশ্যে ব্যাপকভাৱে ভেকচিনবিধ ব্যৱহাৰ কৰাৰ বাবে প্রতিটো অনুজ্ঞা–পত্র লাভ কৰিবলৈ সময় লাগিব বুলিও উল্লেখ কৰে পুনাৱালাই৷ কিন্তু এছ আই আইক চৰকাৰৰ সংশ্লিষ্ট কমিটীয়ে অনুমতি প্রদান কৰিলে জানুৱাৰীত টিকাকৰণ আৰম্ভ কৰিব পাৰিব বুলি দৃঢ়তা প্রকাশ কৰিছে চি ই অ’গৰাকীয়ে৷

You might also like