হাইমাদ্ৰাছাসমূহ ৰূপান্তৰিত হ’ব হাইস্কুললৈঃ ২০২২ চনৰ পৰা অনুষ্ঠিত নহয় হাইমাদ্ৰাছা পৰীক্ষা
নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ “ইতিমধ্যে ৰাজ্যিক কেবিনেটে মাদ্ৰাছাসমূহক সাধাৰণ স্কুললৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমান ৰাজ্যত ১৮৯ খন হাইমাদ্ৰাছা আছে। ছেবাৰ দ্বাৰা এই সকলো হাইমাদ্ৰাছাৰে শৈক্ষিক পৰিচালনা কৰা হয়। প্ৰথম সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা ১৮৯ খন স্কুলৰ পৰা ‘হাইমাদ্ৰাছা’ শব্দটো আতৰি যাব। লগতে তেওঁলোকৰ যিটো কোৰাণৰ ওপৰত ৫০ নম্বৰৰ ধৰ্মীয় শিক্ষা আছিল, সেয়া নোহোৱা হৈ যাব। যাৰবাবে ‘হাইমাদ্ৰাছা’ৰ পৰিৱৰ্তে তেওঁলোক হাইস্কুল বুলি জনাজাত হ’ব। গতিকে ২০২২ চনৰ মেট্ৰিক পৰীক্ষাৰ পৰা ছেবাই হাইমাদ্ৰাছা বুলি কোনো পৰীক্ষা নাপাতে।”– আজি জনতা ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই মন্তব্য ৰাজ্যৰ শিক্ষা, স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
লগতে এই স্কুলসমূহত ইছলামিক শিক্ষাৰ পাঠ্যক্ৰম বন্ধ হৈ যাব আৰু তেওঁলোকৰ শিক্ষকসকলক সাধাৰণ পাঠ্যক্ৰমৰ ওপৰত শিক্ষা দিবলৈ প্ৰশিক্ষণ দিয়া হ’ব বুলিও ড০ শৰ্মাই মন্তব্য কৰে।
আনহাতে তেওঁ কয় যে যিমান কেইখন আৰবিক মহাবিদ্যালয় আছিল সেইবিলাক এই সিদ্ধান্ত মৰ্মে উচ্চতৰ মাধ্যমিক স্কুললৈ ৰূপান্তৰিত হ’ব।