নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী ৰাব্ৰী দেৱীয়ে বোৱাৰীয়েক ঐশ্বর্য ৰায়ক শাৰীৰিক আতিশয্য চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ দেওবাৰে পাটনাৰ ১০ চার্কুলাৰ ৰ’ডস্থিত বাসস্থানত ৰাব্ৰী দেৱীয়ে এই আতিশয্য চলোৱা বুলি ছচিৱালায়া আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে ঐশ্চর্য ৰায়ে ৷
উল্লেখনীয় যে শাহুয়েকে ঐশ্বর্য ৰায়ক চুলিত ধৰি বাসগৃহৰ পৰা বাহিৰ কৰি দিয়া বুলি অভিযোগত উল্লেখ কৰা হৈছে ৷ ঐশ্বর্য ৰায়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি ৰাব্ৰী দেৱীয়ে শাৰীৰিক আতিশয্য চলোৱাৰ পিছত নিজ দেহৰক্ষী লগাই বাসগৃহৰ পৰা তেওঁক বাহিৰ কৰি দিছে ৷ এই ঘটনাৰ পিছতে ঐশ্বর্য ৰায়ৰ পিতৃ তথা বিধায়ক চন্দ্রিকা ৰায়ে ৰাব্ৰী দেৱীৰ বাসগৃহত গৈ উপস্থিত হয় ৷
মাত্র কেইটামান মাহৰ ভিতৰতে ঐশ্বর্য ৰায়ৰ ওপৰত শাহুৱেক ৰাব্ৰীৰ এয়া দ্বিতীয়টো আক্রমণৰ ঘটনা ৷ ঐশ্বর্য ৰায়ে আৰক্ষী অধীক্ষক গৰিমা মালিকক টেলিফোনেৰে সবিশেষ কথা জনোৱাৰ পিছত মালিকে গৈ সদলবলে ৰাব্ৰী দেৱীৰ ঘৰত উপস্থিত হয় ৷ ইতিমধ্যে ঐশ্বর্য ৰায়ৰ স্বাস্থ্য পৰীক্ষা কৰাই আৰক্ষীয়ে এই ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰিছে ৷