নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্য–সাধনাৰ সঠিক প্রয়োগে মানুহক সফল কৰি তোলেঃ ৰিণিকি ভূঞা শর্মা

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ মহানগৰীৰ হোটেল ৰেডিছন ব্লুত শনিবাৰৰে পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা অষ্টম নর্থ–ইষ্ট ফেষ্টিভেলত ‘আইডিয়েচন কনক্লেভ’ শীর্ষক এক নতুন কার্যসূচী অনুষ্ঠিত হয়৷ ইয়াৰ জৰিয়তে উত্তৰ–পূর্বাঞ্চলৰ যুৱ প্রতিভাৰ সফলতাৰ কাহিনীৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হয়৷ এই কার্যসূচীত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মা উপস্থিত থাকে৷

অনুষ্ঠানত নিজৰ সফলতাৰ কাহিনী সন্দর্ভত ৰিণিকি ভূঞা শর্মাই মনৰ কথা প্রকাশ কৰে৷ লগতে মহিলা উদ্যোগীয়ে মুখামুখি হোৱা প্রত্যাহ্বান নেওচি কিদৰে সফল হ’ব পাৰি সেই বিষয়ে তেওঁ নিজৰ অভিজ্ঞতাৰ পৰা সুন্দৰকৈ বর্ণনা কৰে৷ সফল মহিলা উদ্যোগীগৰাকীয়ে কয় যে ব্যৱসায়িক ক্ষেত্রত আনুষ্ঠানিক শিক্ষা থাকিবই লাগিব বুলি কোনো কথা নাই৷ ব্যৱসায় সম্পর্কীয় আনুষ্ঠানিক শিক্ষা নোহোৱাকৈও লক্ষ্য আৰু সাধনাৰ সঠিক প্রয়োগে মানুহক সফল কৰি তুলিব পাৰে৷ নিজৰ কর্মক্ষেত্রত একাগ্রতা আৰু নিষ্ঠাৰে কাম কৰি গ’লে সফল নোহোৱাৰ প্রশ্ণই নুঠে৷ বাণিজ্য সম্পর্কীয় আনুষ্ঠানিক শিক্ষা অবিহনে সঠিক লক্ষ্যৰ লগতে মানসিকভাৱে প্রস্তুত হৈ নিজৰ কর্মক্ষেত্রত সফল হোৱা বুলি মন্তব্য কৰে ৰিণিকি ভূঞা শর্মাই৷

তেওঁ লগতে কয়– মই মোৰ কামৰ জৰিয়তে নাৰীত্ব উদযাপন কৰিছোঁ৷ টেলিভিছনৰ উদ্যোগৰ সমান্তৰালকৈ আমি মহিলাৰ ঋতুকালীন স্বাস্থ্যৰ সুৰক্ষাৰ বাবেও কাম কৰি আছোঁ৷ আদ্যা নামৰ ছেনিটাৰী নেপকিন আমাৰ উদ্যোগত প্রস্তুত কৰি আহিছোঁ৷ আমি কেইবাখনো বিদ্যালয়ত ইতিমধ্যে এই ছেনিটেৰী নেপকিন বিনামূলীয়াকৈ বিতৰণ কৰি আহিছোঁ৷ অনুষ্ঠানত মহিলা উদ্যোগী ববিতা বৰুৱা, পূর্বোদয় প্রতিষ্ঠানৰ নীতি দেৱ, অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ আদিয়ে নিজৰ নিজৰ কর্মক্ষেত্রত প্রত্যাহ্বান নেওচি সফলতা লাভ কৰাৰ আঁৰৰ কাহিনী ব্যাখ্যা কৰে৷ অনুষ্ঠানত সাংবাদিক ৱাছবিৰ হুছেইনো উপস্থিত থাকে৷

You might also like