নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুৱে আমাক ক’লা পতাকা দেখুৱালে আমাৰ যুৱ মর্চায়ো তেওঁলোকক ক’লা পতাকা দেখুৱাব

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ ‘আছুৰ ৰাজনীতিকৰণ মই ভাবোঁ অসমৰ জাতীয় জীৱনৰ কাৰণে এটা ডাঙৰ অন্যায় হ’ল৷’ –এই মন্তব্য নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে আছুৱে ৰাজনৈতিক দল গঠন কৰাৰ পাছত আছুৰ গাত যিটো দাগ পৰিল, ইয়াৰ পৰা মুকলি হৈ ওলাই আহোঁতে বহু বছৰ লাগিব৷ হয়তো অসমত আন কোনো অৰাজনৈতিক ছাত্র সংগঠনৰ জন্ম হ’ব পাৰে৷ অসমৰ মানুহে আছুক কোনোবা ৰাজনৈতিক দলৰ ছাত্র সংগঠন হিচাপে ব্যৱহাৰ কৰিব৷

তেওঁ আৰু কয় যে এতিয়াৰে পৰা সদৌ অসম ছাত্র সন্থাৰ কোনোবা ল’ৰাই তেওঁলোকক ক’লা পতাকা দেখুৱালে যুৱ মর্চাই তেওঁলোককো ক’লা পতাকা দেখুওৱাৰ অধিকাৰ থাকিব৷ কাৰণ এতিয়াৰে পৰা আছুও ৰাজনৈতিক দল হ’ল৷ নতুন দল গঠনৰ বাবে অভিৱর্তন অনুষ্ঠিত কৰাৰ প্রসংগতো তীব্র কটাক্ষ কৰি তেওঁ কয় যে দলটো লুৰিণজ্যোতি গগৈয়ে গঠন কৰিছে৷ আছুৰ পৰা ওলাই আহিয়েই ৰাজনৈতিক দলটো গঠন কৰিব বুলি লুৰিণজ্যোতি গগৈয়ে কৈছে৷ আছু এৰাৰ দিনাই লুৰিণজ্যোতি গগৈয়ে নতুন দল গঠনৰ সিদ্ধান্ত লৈছিল৷ সেই দলত তেওঁ নতুনকৈ সভাপতি হ’ব যোৱাটো কোনো কথা নহয়৷ গোটেইখিনি কাম লুৰিণজ্যোতি গগৈয়ে নিজেই কৰা৷ নিজেই বিয়া পাতিছে৷ নিজেই দৰা–কইনা হৈছে৷ নিজেই খোৱা বিতৰণ কৰিছে৷ নিজেই কইনা লৈ ঘৰলৈ আহিছে৷ সেই অভিৱর্তনখন অদ্ভুত অভিৱর্তন হ’ল৷ অভিৱর্তনখনে আছুৰ ৰাজনীতিকৰণ সম্পূর্ণ কৰিলে৷

ইপিনে, অসমত চলি থকা বিভিন্ন আন্দোলনৰ প্রসংগতো তীব্র সমালোচনা কৰি মন্ত্রী ড০ শর্মাই কয় যে টিভি কেমেৰা আহিলে আন্দোলনকাৰীসকলে পাঁচ মিনিটমান সময় খুব চিঞৰে৷ কিন্তু আন্দোলন চলে ৬ ঘণ্টামান৷ ৬ ঘণ্টা সময় কেনেকৈ চিঞৰি থাকিব? টিভি কেমেৰা আহিলেহে চিঞৰিবলৈ আৰম্ভ কৰে৷ ভালদৰে চালে দেখিব আন্দোলনত অংশগ্রহণ কৰা মানুহৰ সংখ্যা ৫০–৬০জনমানহে থাকে৷ মানুহ এতিয়া আগৰ দৰে আন্দোলন কৰিবলৈ ওলাই নাহে৷

You might also like