নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ আগন্তুক ২০২০–২১ বিত্তীয় বর্ষৰ বাবে কেন্দ্রীয় বাজেট দাখিল কৰাৰ পূর্বে বিত্তমন্ত্রী নির্মলা সীতাৰমণে আৰম্ভ কৰিছে বাজেট পূর্ব আলোচনা ৷ কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে সোমবাৰে বিভিন্ন ক্ষেত্রত জড়িত হৈ থকা বিশেষজ্ঞ ব্যক্তি, অর্থনীতিবিদ, কৃষক সংস্থা, ঔদ্যোগিক সংগঠন আদিৰ প্রতিনিধিৰ সৈতে এই আলোচনা আৰম্ভ কৰিছে ৷
সকলো ক্ষেত্রৰ দায়িত্বশীল তথা বিশেষজ্ঞ ব্যক্তিসকলৰ পৰা বাজেট প্রস্তুতৰ পূর্বে পৰামর্শ গ্রহণ কৰিছে কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে ৷ আগন্তুক এক ফেব্রুৱাৰীত মোদী চৰকাৰৰ দ্বিতীয়টো কার্যকালৰ দ্বিতীয়খন কেন্দ্রীয় বাজেট বিত্তমন্ত্রী সীতাৰমণে লোকসভাত দাখিল কৰাৰ সম্ভাৱনা আছে ৷ ইয়াৰ পূর্বে বাজেটখন প্রস্তুত কৰিবলৈ সকলোপক্ষৰ পৰা পৰামর্শ বিচাৰিছে মন্ত্রীগৰাকীয়ে ৷
উল্লেখনীয় যে এই বাজেট পূর্ব আলোচনা আগন্তুক ২৩ ডিচেম্বৰলৈ চলিব ৷ লক্ষণীয়ভাৱে বিত্তমন্ত্রী সীতাৰমণৰ আগন্তুক বাজেটৰ মূল উদ্দেশ্য হ’ব দেশৰ অর্থনৈতিক বৃদ্ধিৰ হাৰক গুৰুত্ব প্রদান কৰা ৷ বিগত ছবছৰৰ ভিতৰত প্রথমবাৰলৈ দেশৰ অর্থনৈতিক বৃদ্ধি ৪.৫ শতাংশলৈ অৱনমিত হৈছে ৷ আনকি দেশৰ এই বিত্তীয় সংকটৰ বাবে মোদী চৰকাৰৰ অর্থনৈতিক নীতি জগৰীয়া বুলিও কেইবাগৰাকীও বিশিষ্ট অর্থনীতিবিদে সমালোচনা কৰিছে ৷ এনে পৰিস্থিতিত আগন্তুক কেন্দ্রীয় বাজেটখন প্রস্তুত কৰাটো হ’ব মন্ত্রী সীতাৰমণৰ বাবে এক প্রত্যাহ্বান ৷