নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পশ্চিমবংগৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ শতবর্ষীয় প্রতিষ্ঠা দিৱসত অংশগ্রহণ কৰি কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰৰ লক্ষ্যই আছিল আত্মনির্ভৰ ভাৰত বুলিও উল্লেখ কৰে মোদীয়ে৷ প্রতিষ্ঠাকালৰে পৰা বিশ্ব ভাৰতীয়ে ভাৰতীয় চিন্তা–চেতনা আৰু দর্শনৰ লগতে ৰাষ্ট্রীয়তাবাদী দৃষ্টিভংগী প্রতিফলিত কৰি অহা বুলিও উল্লেখ কৰে মোদীয়ে৷
বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰে স্বাধীনতা সংগ্রামৰ সময়ত ভাৰতীয় সবল ৰাষ্ট্রীয়তাবাদক দাঙি ধৰিছিল বুলিও মন্তব্য কৰে মোদীয়ে৷ লক্ষণীয়ভাৱে প্রতিষ্ঠা দিৱসত শিক্ষার্থী তথা দেশবাসীক সম্বোধি ভাষণ দিছে যদিও পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে অনুষ্ঠানত অংশগ্রহণৰ পৰা বিৰত থাকে৷ তৃণমূল কংগ্রেছৰ পৰা অভিযোগ কৰা অনুসৰি মমতা বেনার্জীলৈ বিশ্ব ভাৰতীয়ে আমন্ত্রণ পত্র পলমকৈ প্রেৰণ কৰিছিল৷ গতিকে মুখ্যমন্ত্রীগৰাকীয়ে এই অনুষ্ঠানত অংশগ্রহণ নকৰিলে৷ বিশ্ব ভাৰতীৰ এই শতবর্ষীয় প্রতিষ্ঠা দিৱসত প্রধানমন্ত্রী মোদীয়ে পেৰিছ জলবায়ু চুক্তিৰ চর্ত ভাৰতে সঠিকভাৱে পূৰণ কৰিব বুলিও ঘোষণা কৰে৷