নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ দিল্লীৰ জলব’ৰ্ডৰ কার্যালয়ত বিজেপি কর্মীয়ে চলোৱা আক্রমণ সন্দর্ভত আজি আম আদমী পার্টী (আপ)ৰ নেতা ৰাঘৱ চাদ্ধাই প্রতিক্রিয়া প্রকাশ কৰি কৈছে যে এই আক্রমণৰ মূল কাৰণ হৈছে আপ তথা মুখ্যমন্ত্রী কেজৰিৱালক কৃষকৰ প্রতিবাদত সমর্থনৰ পৰা বিৰত ৰখা৷ আপৰ মুৰব্বী কেজৰিৱালে ইতিমধ্যে কৃষি আইন প্রত্যাহাৰৰ দাবীত সংগঠিত কৃষক সংগঠনসমূহৰ বিক্ষোভলৈ সমর্থন জনাইছে৷
চাদ্ধাই উল্লেখ কৰা অনুসৰি তিনিওখন কৃষি আইনে দেশৰ কৃষকৰ বাবে সর্বনাশ মাতি আনিব৷ গতিকে এই তিনিওখন ক’লা আইন প্রত্যাহাৰৰ দাবী কৰিছে আপে৷ স্মর্তব্য যে দিল্লী জলব’ৰ্ডৰ উপাধ্যক্ষৰ দায়িত্বত আছে চাদ্ধা৷ আজি চাদ্ধাই সাংবাদিকৰ সৈতে হোৱা বার্তালাপত উল্লেখ কৰিছে যে জলব’ৰ্ডৰ কার্যালয়ত উপস্থিত হৈ বিজেপি কর্মীসকলে মুকলিভাৱে ভাবুকি দিছে৷
আনকি কৃষক আন্দোলনলৈ জনোৱা সমর্থন প্রত্যাহাৰ নকৰিলে মুখ্যমন্ত্রী কেজৰিৱালৰ পৰিণামো ভয়াৱহ হ’ব বুলি ভাবুকি দিছে বিজেপি কর্মীসকলে৷ স্মর্তব্য যে আপৰ বিৰুদ্ধে শেহতীয়াকৈ বিজেপি নেতা–কর্মীসকলে ক্ষুৰধাৰ সমালোচনা আৰম্ভ কৰিছে৷