নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ কৃষি আইন প্রত্যাহাৰৰ দাবীত দিল্লীৰ সীমান্তত দীর্ঘদিন ধৰি আন্দোলন অব্যাহত ৰখা কৃষক সংগঠনৰ নেতৃত্বক কেন্দ্রীয় চৰকাৰে পুনৰ আলোচনালৈ আমন্ত্রণ জনাইছে৷ কেন্দ্রীয় কৃষি মন্ত্রালয়ে কৃষক সংগঠনসমূহলৈ ষষ্ঠলানি আলোচনাত মিলিত হোৱাৰ বাবে প্রেৰণ কৰিছে আমন্ত্রণ পত্র৷ এই পত্রত কৃষক সংগঠনৰ নেতৃত্বক নিজৰ পছন্দ অনুসৰি দিন আৰু সময় নির্ধাৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে৷
সংবাদ সংস্থা এএনআইৰ প্রতিবেদন অনুসৰি কালি কৃষকসকলে কেন্দ্রৰ আলোচনাৰ আমন্ত্রণ প্রত্যাখ্যান কৰাৰ পিছতে আজি কৃষি মন্ত্রালয়ে এই পত্র প্রেৰণ কৰিছে৷ লক্ষণীয়ভাৱে আলোচনাৰ ক্ষেত্রত এক নতুন এজেণ্ডা প্রস্তুত নকৰিলে কৃষক সংগঠনৰ নেতৃত্বই কেতিয়াও কেন্দ্রীয় চৰকাৰৰ সৈতে বৈঠকত মিলিত নহয় বুলি কালি স্পষ্ট কৰি দিছে৷
কৃষি মন্ত্রালয়ৰ যুটীয়া সচিব বিবেক আগৰৱালাই স্বাক্ষৰ কৰা এই পত্রখন দিল্লীৰ ছিংঘু সীমান্তত প্রতিবাদ কৰি থকা কৃষক সংগঠনৰ নেতৃত্বলৈ প্রেৰণ কৰা হৈছে যদিও তাৎক্ষণিকভাৱে কৃষক সকলে এই বিষয়টো সন্দর্ভত কোনোধৰণৰ সিদ্ধান্ত গ্রহণ কৰা নাই৷ উল্লেখনীয় যে একেৰাহে ২৯ দিনৰ বাবে কৃষকসকলে দিল্লী সীমান্তত সাব্যস্ত কৰি আছে প্রতিবাদ৷