আজাৰাত গছপুলি ৰোপণ নকৰাকৈ আঁচনিৰ ৬৮ হাজাৰ আত্মসাতৰ অভিযোগ
নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ আজাৰাৰ লাপাতুলত এম জি এনৰেগা আঁচনিৰ অধীনত গছপুলি ৰোপণৰ নামত এটাও গছপুলি ৰোপণ নকৰাকৈ ৬৮ হাজাৰ টকা আত্মসাৎ কৰা ঘটনাই ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ স্থানীয় সচেতন লোকসকলে কৰা অভিযোগ অনুসৰি, লাপাতুল মা কালী মন্দিৰ চৌহদত এম জি এনৰেগা আঁচনিৰ অধীনত এলানি গছপুলি ৰোপণ কৰাৰ কথা আছিল৷ বিগত দুমাহ ধৰি আঁচনিখন ৰূপায়ণৰ কোনো উমঘাম নাছিল৷ কিন্তু পৰহি নিশা কোনো লোকে মন্দিৰ চৌহদৰ এটি চুকত আঁচনিখন ৰূপায়ণ হোৱা বুলি এখন ফলক লগাই থৈ যোৱাৰ পিছতে ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷
কিয়নো ফলকখনত এম জি এনৰেগা আঁচনিৰ অধীনত যোৱা পোন্ধৰ অক্টোবৰতে গছপুলি ৰোপণৰ কাম আৰম্ভ হোৱা বুলি উল্লেখ আছে৷ তদুপৰি শ্রমিকৰ মজুৰিৰ বাবদ ৩০,৬৭২ টকা আৰু সা–সামগ্রীৰ বাবদ ৩৭,৩২৮ টকা খৰচ হোৱা বুলি উল্লেখ আছে৷ ৰাণী উন্নয়ন খণ্ড তথা আজাৰা গাঁও পঞ্চায়তৰ অধীনৰ লাপাতুলত উক্ত আঁচনিখন এটা এনজি’ই ৰূপায়ণ কৰা বুলি জানিব পৰা গৈছে৷ এটাও গছপুলি ৰোপণ নকৰাকৈ আঁচনিৰ কাম সম্পূর্ণ কৰা বুলি ফলক লগোৱা বিষয়টো সন্দর্ভত সংশ্লিষ্ট কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷