নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ ৰাজ্যৰ প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষকৰ পদ সৃষ্টি কৰা আৰু স্নাতক শিক্ষকৰ পৰা কর্তন কৰা ৮,৭০০ টকাৰ গ্রেড পে’ ঘূৰাই দিয়াৰ দাবীত ৰাজ্যৰ সকলো বিধায়ককে স্মাৰক–পত্র প্রদান কৰিছে প্রাথমিক শিক্ষক সন্মিলনীয়ে৷ যোৱা ২৭ ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ স্মাৰক–পত্র প্রদান কর্মসূচীৰে সন্মিলনীৰ প্রতিনিধিবর্গই বিধায়কসকলক সাক্ষাৎ কৰি সমস্যা দুটিৰ বিতং স্থিতি অৱগত কৰি সমস্যা সমাধানত বিধায়কসকলৰ সহযোগিতা কামনা কৰিছে৷ সন্মিলনীৰ প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে কয় যে অতি শেহতীয়াভাৱে যোৱা ৫ আৰু ১৪ নৱেম্বৰত অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ প্রতিনিধি আৰু প্রতি জিলাৰ তিনিগৰাকীকৈ প্রধান শিক্ষকৰ উপস্থিতিত শিক্ষামন্ত্রীৰ লগত আলোচনা হৈছিল৷ এই আলোচনাৰ পিছত শিক্ষা বিভাগে জ্যেষ্ঠ সহকাৰী শিক্ষকৰ পদটো পদোন্নতিৰ জৰিয়তে প্রধান শিক্ষকলৈ ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে৷ কিন্তু কোনো নির্দিষ্ট সময়সীমা গ্রহণ নকৰাত প্রাথমিক শিক্ষকসকল সন্দিহান হৈ পৰিছে৷ সন্মিলনীয়ে কয় যে শিক্ষক সমাজে গ্রহণ কৰা বিত্তীয় লেনদেন আৰু তথ্য আদান–প্রদান নকৰাৰ শপত গ্রহণেৰে মুখ্যমন্ত্রীৰ বাসভৱন ঘেৰাও কার্যসূচী সমাপনৰ পূর্বে ৰাজ্যৰ মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীৰ সৈতে আলোচনা কৰি কার্যসূচীৰ বাবে নির্ধাৰণ কৰা দিনৰ আগতে আদেশ প্রকাশৰ বাবে পর্যালোচনা কৰাৰ বাবে স্মাৰক–পত্রযোগে অনুৰোধ জনাইছে৷ সন্মিলনীৰ নেতৃদ্বয়ে কয় যে ৰাজ্যৰ প্রাথমিক শিক্ষাৰ গতিশীলতাত কোনো যতি পৰিলে তাৰ বাবে প্রাথমিক শিক্ষক সমাজ দায়ী নহ’ব৷ কিয়নো সকলো পর্যায়ৰ শিক্ষা বিষয়া, বিধায়ক আৰু শিক্ষামন্ত্রী আৰু মুখ্যমন্ত্রীক ইতিমধ্যে সকলো সিদ্ধান্ত অৱগত কৰা হৈছে৷ একেটা বিবৃতিতে ৰাজ্যৰ সকলো প্রাথমিক শিক্ষকক ২২ জানুৱাৰীত গুৱাহাটীত সমৱেত হ’বলৈ সাজু হোৱাৰ আহ্বান জনাইছে৷