নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষকৰ বাবে লংগৰৰ পৰা আহিল খাদ্য, হাতত প্লেট লৈ কৃষিমন্ত্ৰীসহ আন চৰকাৰী নেতাও থিয় হ’ল লাইনত

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ কৃষি আইনক লৈ দেশত চলি থকা কৃষক আন্দোলনৰ নেতৃত্বৰে আজি পুনৰ বৈঠকত বহে চৰকাৰ। দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এই বৈঠক আৰম্ভ হয় দিনৰ ২.৩০ বজাত। এতিয়ালৈ আলোচনাৰ সবিশেষ জানিব পৰা যোৱা নাই যদিও কৃষক সংগঠনৰ ফালৰ পৰা কৃষি আইন বাতিলৰ বিষয়টোৰ ক্ষেত্ৰত কোনো আপেচ কৰা নহ’ব বুলি জনাইছে।

তথাপি আলোচনাৰ চলি আছে। আজিৰ আলোচনাৰ মাজতে অৱশ্যে এক ন-ৰূপ দৃষ্টিগোচৰ হয়। সেয়া হ’ল আলোচনাৰ মাজতে জলপান গ্ৰহণৰ সময়ত কৃষকৰ বাবে বাহিৰৰ লংগৰৰ পৰা অনা খাদ্য গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ, পীয়ূষ গোৱেল তথা আন নেতাই।

লংগৰৰ পৰা অহা খাদ্যৰ বাবে হাতত ঠাল লৈ মন্ত্ৰী টোমৰে লাইনত থিয় হৈ থকাও দেখা যায়। ইয়াৰ আগতে কৃষকে চৰকাৰৰ পৰা যোগান ধৰা খাদ্য গ্ৰহণ নকৰি নিজৰ লংগৰৰ পৰা অনা খাদ্য গ্ৰহণ কৰিছিল যদিও এইবাৰ চৰকাৰে নিজেই কৃষকৰ খাদ্য গ্ৰহণ কৰা দেখা গ’ল। এই ঘটনালৈ লক্ষ্য আজিৰ আলোচনাই এটা যোগাত্মক দিশে গতি কৰিব বুলি ধাৰণা কৰা হৈছে।

You might also like