নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰৰ ডায়েৰীঃ নেতাৰ সমানে অভিনেতা

-সঞ্জয়

অগপৰ সভাপতি তথা ৰাজ্যৰ কৃষিমন্ত্রী অতুল বৰাৰ কথা–বতৰা এইকেইদিন বৰ ৰহস্যজনক হৈ পৰিছে ৷ সাধাৰণ মানুহৰ বাবে মানুহজন দুর্বোধ্য হৈ পৰিছে ৷ কেতিয়াবা তেওঁৰ কথা–বতৰা, আচৰণত সাংঘাতিক জাতীয়তাবাদী যেন লাগে, কেতিয়াবা সাংঘাতিক ৰাষ্ট্রীয়তাবাদী যেন লাগে ৷ মুঠতে তেওঁক বুজাই মস্কিল হৈ পৰিছে৷ বৰাৰ এই আচৰণক লৈ দিছপুৰতো আলোচনাৰ শেষ নাই ৷ সিদিনা কেইজনমান আমোলাই আড্ডাৰ মাজতে ক’লে – ‘অতুল বৰা নেতাৰ সমানে অভিনেতাও ৷

মন্ত্রী–বিধায়ক হোৱাৰ পূর্বে তেওঁ ‘সূর্য তেজৰ অন্য নাম’ৰ দৰে বিদ্রোহী চিনেমাত অভিনয় কৰিছে৷ সম্প্রতি মুক্তিৰ অপেক্ষাত আছে ‘লখিমী’ নামৰ আন এখন চিনেমাও ৷ সেয়ে তেওঁক বুজাত কিছু অসুবিধা হ’বই ৷ কোনটো সঁচা, কোনটো অভিনয় ধৰাত মস্কিল হোৱাটোৱেই স্বাভাৱিক ৷’

আয়ুর্বেদিক ফার্মাচীত ভিৰ

যোৱা বুধবাৰৰ পৰা গুৱাহাটীত ৱাইন শ্বপসমূহ বন্ধ হৈ আহিছে ৷ গুৱাহাটীত ৱাইন শ্বপ বন্ধ হ’লেই স্বাভাৱিকতে মহানগৰীৰ সুৰাপায়ীসকল মেঘালয়ৰ খানাপাৰালৈ ধাৱমান হয়৷ পিছে এইবাৰ আবকাৰী বিভাগে খানাপাৰাত ব্যাপক ৰূপত তালাচী চলালে৷ কোনোপধ্যে খানাপাৰাৰ পৰা মেঘালয়ৰ সুৰা অসমলৈ আনিবলৈ নিদিয়ে৷ ফলত সুৰাপায়ীসকল সাংঘাতিক বিপদত পৰে৷ পিছে ইয়াৰ মাজতে কোনো চতুৰ সুৰাপায়ীয়ে খবৰ এটা উলিয়াই দিলে – আয়ুর্বেদিক ফার্মাচীতো সুৰা পোৱা যায়৷ ‘মৃত সঞ্জীৱনী সুৰা’ নামৰ এবিধ দৰব আছে, য’ত হেনো অধিক মাত্রাত এলক’হল থাকে৷ খবৰটো বিয়পি পৰাৰ লগে লগে এইকেইদিন বহু সুৰাপায়ীয়ে শাৰী পাতিলে আয়ুর্বেদিক ফার্মাচীত৷ নির্দিষ্ট সেই দৰববিধৰ বাবে আয়ুর্বেদিক ফার্মাচীসমূহ একাংশৰ বাবে এইকেইদিন ৱাইন শ্বপ হৈ পৰিছে ৷

You might also like