খেলো ইণ্ডিয়াৰ অংশগ্রহণকাৰী দলৰ মুৰব্বীৰে আলোচনা
নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ গুৱাহাটীত ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া খেলো ইণ্ডিয়া–২০২০ত অংশগ্রহণ কৰিবলগীয়া ৩৭খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ দলৰ মুৰব্বীসকলৰ সৈতে আয়োজকসকলে বুধবাৰে এক আলোচনাত মিলিত হয় ৷
অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই আলোচনাত খেলো ইণ্ডিয়াৰ মুখ্য কার্যবাহী বিষয়া অবিনাশ যোশী, যুটীয়া মুখ্য কার্যবাহী বিষয়া ড০ এম অংগমুথু আৰু এম এছ মণিৱন্বন, ভাৰতীয় খেল প্রাধিকৰণৰ সচিব ৰোহিত ভৰদ্বাজ, অসম ক্রীড়া প্রাধিকৰণৰ সঞ্চালকপ্রধান অংকাৰলাল কেডিয়া আদি উপস্থিত আছিল ৷ এই আলোচনাত আয়োজকসকলে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা দলৰ মুৰব্বীসকলক ক্রীড়া সমাৰোহখনৰ প্রস্তুতি সম্পর্কে বিস্তৃতভাৱে অৱগত কৰে ৷
দলৰ মুৰব্বীসকলে আজি পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ক্রীড়াথলীসমূহ পৰিদর্শন কৰিব ৷