নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ দেশৰ ৰাজধানী নতুন দিল্লীলৈ বিয়পিছে বার্ড ফ্লু৷ ৫খন ৰাজ্যত পক্ষী জ্বৰে আতংকৰ সৃষ্টি কৰাৰ সময়তে দিল্লীৰ ময়ূৰ বিহাৰ অঞ্চলত ২০টাকৈ মৃত কাউৰী উদ্ধাৰ হোৱা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ তাৎক্ষণিকভাৱে এই কাউৰীবোৰ বার্ড ফ্লুত মৃত্যুমুখত পৰিছেনে নাই সেয়া অৱশ্যে নিশ্চিত কৰিব পৰা নাই পশু চিকিৎসকসকলে৷ পশু চিকিৎসা বিভাগে এই মৃত কাউৰীবোৰৰ বিভিন্ন অংগৰ নমুনা সংগ্রহ কৰিছে৷ এই নমুনাবোৰ পঞ্জাবৰ জলন্ধৰস্থিত পৰীক্ষাগাৰলৈ প্রেৰণ কৰা হ’ব৷
স্মর্তব্য যে হিমাচল প্রদেশ, মধ্য প্রদেশ, কেৰালা, ৰাজস্থান, হাৰিয়ানা আদি ৰাজ্যত বার্ড ফ্লুৱে সৃষ্টি কৰিছে তাণ্ডৱ৷ ইয়াৰ ফলত ৰাজ্যসমূহৰ মাজত কুকুৰাৰ সৰবৰাহ বন্ধ হৈ পৰিছে৷ কেৰালাকে ধৰি কেইবাখনো ৰাজ্যত গ্রহণ কৰা হৈছে বিশেষ সতর্কতামূলক ব্যৱস্থা৷