৬২ যাত্রীসহ সাগৰত পতিত হোৱাৰ সন্দেহঃ উৰণৰ পাছতেই সন্ধানহীন ইণ্ডোনেছিয়াৰ বিমান
নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ ইণ্ডোনেছিয়াৰ ৰাজধানী জাকার্টাৰ পৰা শ্রীৱিযায়া এ আই আৰ এছ জে–১৮২ বিমানখন উৰণৰ কেইমিনিটমান পাছতেই ৰাডাৰৰ পৰা সন্ধানহীন হৈ পৰে৷ কালি বিয়লি ২.৩০ বজাত বয়িং ৭৩৭–৫০০ এছ জে ১৮২ বিমানখন জাকার্টাৰ পৰা ৬২ যাত্রীসহ পশ্চিম কালিমাণ্ডান প্রদেশৰ পণ্টিয়ানাকলৈ উৰণৰ কেইমিনিটমান পাছতেই সন্ধানহীন হয়৷
দেশখনৰ ঘৰুৱা বিমনসেৱা জাকার্টাৰ পৰা পণ্টিয়ানাকলৈকে মাত্র ৯০ মিনিটৰ যাত্রাৰ সময়তে বিমানখন ৰাডাৰৰ পৰা বিচ্ছিন্ন হয়৷ ইণ্ডোনেছিয়াৰ প্রশাসনে ইতিমধ্যে বিমানখনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে৷
প্রাৰম্ভিক তথ্য মতে চহৰখনৰে সাগৰত বিমানখন দুর্ঘটনাত পতিত হোৱাৰ সন্দেহ প্রকাশ কৰিছে৷ ইণ্ডোনেছিয়াৰ পৰিবহণ মন্ত্রীয়ে প্রকাশ কৰা মতে, সাগৰত দুর্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা থকা বিমানখনত ১২জন কর্মচাৰীসহ ৬২গৰাকী যাত্রী আছিল৷ উল্লেখ্য যে ১৯৯৪ চনৰ মে’ মাহত প্রথম উৰণৰ পৰা এই বিমানখন ২৬ বছৰ পুৰণি৷