নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত চিটীবাছ চালকৰ দৌৰাত্ম্য

নীতি–নির্দেশনা উলংঘাকাৰী চালকৰ বিৰুদ্ধে অভিযান চলোৱাত ব্যর্থ পৰিবহণ বিভাগ

নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে জাৰি কৰা নীতি–নির্দেশনা উলংঘাৰে গুৱাহাটী মহানগৰীত চিটীবাছ চালকে দৌৰাত্ম্য অব্যাহত ৰাখিছে৷ চিটীবাছ চালকৰ দৌৰাত্ম্যৰ বাবেই মহানগৰীৰ পথত তীব্র যান–জঁট, পথ দুর্ঘটনা আদি সংঘটিত হৈ আহিছে৷ চিটীবাছ চালকৰ দৌৰাত্ম্য ৰোধৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ মর্মে পৰিবহণ বিভাগে চিটীবাছ চলাচলৰ বাবে কেতবোৰ নীতি–নির্দেশনা জাৰি কৰিছিল৷ কিন্তু জিলা পৰিবহণ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবেই এতিয়া এয়া প্রহসনত পৰিণত হৈছে৷ পৰিবহণ বিভাগে গুৱাহাটী মহানগৰীৰ চিটীবাছৰ বাবে জাৰি কৰা নতুন নির্দেশনা অনুসৰি বাছৰ সন্মুখত, পিছফালে আৰু বাঁওদিশত পার্মিটৰ নম্বৰ, ৰুট নম্বৰ স্পষ্টকৈ লিপিবদ্ধ কৰিব লাগে৷ বাছ চলি থকাৰ সময়ত চিটীবাছৰ দুয়োখন দর্জা বন্ধ থাকিব লাগে৷ কেৱল বাছ আস্থানতহে দর্জা খুলিব পাৰিব৷ চিটীবাছৰ পিছফালৰ দর্জাৰে যাত্রীৰ প্রৱেশ আৰু আগফালৰ দর্জাৰে প্রস্থান বাধ্যতামূলক৷ পৰিচালকে ভাৰা আদায়ৰ লগে লগে যাত্রীক টিকট প্রদান কৰিব লাগিব৷ বাছ আস্থানত এক মিনিটতকৈ অধিক সময় চিটীবাছ ৰখাব নোৱাৰিব৷ প্রতিটো ষ্টপেজত এখনতকৈ অধিক বাছ ৰৈ থাকিব নোৱাৰিব৷ বাঁওফালেৰে অভাৰটেক কৰিব নোৱাৰিব৷ চিটীবাছৰ মালিক আৰু চালকসকলে টাইমকার্ড ব্যৱহাৰ কৰিব লাগিব৷ চিটীবাছৰ ড্রাইভাৰ, কণ্ডাক্টৰ আৰু হেণ্ডিমেনৰ ব্যৱহাৰ মার্জিত হ’ব লাগিব৷ চিটীবাছৰ পিছফালে ৬৯০১২–৬৯০০৬, ৬০২৬১–৭৬৭৫৫– এই হোৱাটছএপ নম্বৰ দুটা ৬ ইঞ্চি ডাঙৰকৈ লিখি লগাব লাগিব৷ এই নম্বৰকেইটাৰ জৰিয়তে নীতি–নির্দেশনা উলংঘাকাৰী চালকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰিব৷

পৰিবহণ বিভাগে জাৰি কৰা নতুন নির্দেশনা উলংঘাকাৰীৰ ড্রাইভিং লাইচেন্স আৰু পার্মিট বাতিলৰ দৰে শাস্তি প্রদান কৰাৰ লগতে চালকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলি পৰিবহণ বিভাগে ব্যাপক প্রচাৰ চলাইছিল৷ এই নীতি–নির্দেশনা মানি চলিবলৈ পৰিবহণ বিভাগে ব্যাপক প্রচাৰ চলাইছিল৷ কিন্তু ন্যায়ালয়ৰ নির্দেশ অনুসৰি পৰিবহণ বিভাগে জাৰি কৰা নতুন নির্দেশনা উলংঘা কৰি মহানগৰীত চিটীবাছ চালকে দৌৰাত্ম্য অব্যাহত ৰাখিছে৷ জিলা পৰিবহণ বিভাগে মহানগৰীত নীতি–নিয়ম উলংঘা কৰি চিটীবাছ চলোৱা চালকৰ বিৰুদ্ধে অভিযান চলোৱা পৰিলক্ষিত হোৱা নাই৷ জিলা পৰিবহণ বিভাগৰ দুর্বলতাৰ সুযোগ লৈ মহানগৰীত চালকে দৌৰাত্ম্য অব্যাহত ৰাখিছে৷ মহানগৰীত নীতি–নির্দেশনা উলংঘাৰে চিটীবাছ চলোৱা চালকৰ বিৰুদ্ধে পৰিবহণ বিভাগে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like