নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তালিবানে নিষিদ্ধ কৰিলে বহুবিবাহ প্রথা

শত্রু পক্ষৰ কঠোৰ সমালোচনাৰ সন্মুখীনঃ ধনৰ অপচয় ৰোধৰ চিন্তা

নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ আফগানিস্তানত তালিবানে দীর্ঘদিন ধৰি জেহাদী সংগঠনটোৰ মাজত চলি থকা বহুবিবাহ প্রথা বন্ধ কৰিছে৷ সংগঠনটোৰ শীর্ষ নেতৃত্বই জাৰি এক কঠোৰ নির্দেশনাত উল্লেখ কৰা হৈছে যে বহুবিবাহ প্রথাৰ বাবে শত্রু পক্ষৰ কঠোৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে তালিবান৷ সংগঠনটোৰ বিভিন্ন পর্যায়ৰ নেতা তথা কমাণ্ডাৰসকলক এগৰাকীতকৈ অধিক পত্নী নাৰাখিবলৈ নির্দেশ দিছে শীর্ষ নেতৃত্বই৷ ইছলাম ধর্ম অনুসৰি একোজন পুৰুষে চাৰিগৰাকী পর্যন্ত মহিলাৰ স’তে বিবাহপাশত আবদ্ধ হ’ব পাৰে৷ অর্থাৎ ৪গৰাকী পত্নী লগত ৰাখিব পাৰে ইছলাম ধর্ম অনুসৰি একোজন পুৰুষে৷ বহুবিবাহ প্রথা এতিয়াও আফগানিস্তান, পাকিস্তান আৰু মুছলমানৰ আধিপত্য থকা কেইবাখনো দেশত বৈধ৷ তালিবানৰ এক সূত্রই সংবাদ সংস্থা বিবিচিক জনোৱা অনুসৰি এই বহুবিবাহ প্রথাৰ বাবে সংগঠনটোৰ অভ্যন্তৰত কমাণ্ডাৰসকলে ‘কইনাৰ মূল্য’ হিচাপে অধিক ধন দাবী কৰি আহিছে৷

লক্ষণীয়ভাৱে এই ধন আফগানিস্তান আৰু পাকিস্তানৰ বহু পাখতুন জনজাতিৰ যুৱতীক পত্নী হিচাপে গ্রহণ কৰিবলৈ পৰিয়ালক আদায় দিয়ে তালিবান কমাণ্ডাৰসকলে৷ যুৱতীৰ পৰিয়ালে ধন লাভ কৰাৰ পাছতেই তালিবান কমাণ্ডাৰলৈ তেওঁলোকক গতাই দিয়ে৷ তালিবান আৰু দেশখনৰ অভ্যন্তৰত চলি থকা এক স্পর্শকাতৰ ৰাজনৈতিক পৰিৱেশৰ মাজত সংগঠনটোৰ শীর্ষ নেতৃত্বই এই কঠোৰ নির্দেশনা জাৰি কৰাৰ লগে লগে ইয়াক লৈ সৃষ্টি হৈছে উত্তেজনা৷ বহু তালিবান নেতাই এই নির্দেশনাক গ্রহণ কৰিব বিচৰা নাই৷ কিন্তু আফগানিস্তানৰ শান্তি আলোচনাৰ মাজেৰে দেশখনৰ চৰকাৰৰ অংশীদাৰ হ’বলৈ চেষ্টা চলাই আছে তালিবান শীর্ষ নেতৃত্বই৷ গতিকে সংগঠনটোৱে আন্তর্জাতিক ক্ষেত্রত সমালোচনাৰ সন্মুখীন হোৱা বিভিন্ন নীতি পৰিহাৰ কৰাৰ চিন্তা–চর্চা চলাইছে৷ তাৰ অংশ হিচাপে বহুবিবাহ প্রথা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে শীর্ষ নেতৃত্বই৷ অৱশ্যে আফগান তালিবানৰ শীর্ষ নেতা মুল্লা হিবাতুল্লাই বহুবিবাহৰ বিৰোধ কৰাৰ মূল কাৰণ ধনৰ অপচয় বুলিহে অভিহিত কৰিছে৷

You might also like