বিহাৰত বৃদ্ধি মহিলাৰ বিৰুদ্ধে অপৰাধঃ পাটনাত সর্বাধিক ধর্ষণ যৌন উৎপীড়নৰ গোচৰ
নিউজডেস্ক, ২০ ডিচেম্বৰঃ সাম্প্রতিক সময়ত বিহাৰত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধজনিত ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৷
ৱ’মেন হেল্পলাইন ছার্ভিচৰ তথ্য মতে চলিত বর্ষত এতিয়ালৈকে কেৱল পাটনাতে মহিলাৰ বিৰুদ্ধে অপৰাধজনিত ঘটনাৰ গোচৰ ৪৭৪টা ৰুজু হৈছে ৷
তথ্য অনুসৰি ২০১৯ বর্ষৰ ছেপ্ঢেম্বৰ মাহলৈকে পাটনাত সর্বাধিক ৮৬টা ধর্ষণৰ গোচৰ ৰুজু হৈছে৷ নাৰীৰ সুৰক্ষাৰ ক্ষেত্রত প্রশাসনে পদক্ষেপ গ্রহণ কৰিলেও মহিলাৰ বিৰুদ্ধে উৎপীড়নৰ ঘটনা ৰাজ্যখনত ক্রমাৎ বৃদ্ধি পাইছে ৷
বিহাৰত চলিত বর্ষত বিভিন্ন জিলাত ধর্ষণৰ গোচৰ যোৱা ছেপ্ঢেম্বৰ মাহলৈকে এনেধৰণৰ–পাটনাত ৮৫টা, কাটিহাৰত ৭৯টা, পুর্নিয়াত ৭৪ টা, আৰাৰিয়াত ৬৭টা, মুজাফফৰপুৰত ৫৮টা আৰু গয়াত ৫৬টা গোচৰ৷ ধর্ষণৰ উপৰি গার্হস্থ্য হিংসা, যৌতুক আৰু ছুৰীকাঘাৰ ঘটনাও চিন্তাজনকভাৱে বৃদ্ধি পাইছে ৷ পাটনাত এনেধৰণৰ ৪৭৪টা গোচৰ ৰুজু হৈছে চলিত বর্ষত ৷ ইয়াৰে ২৯৭টা গার্হস্থ্য হিংসা, ৫৯টা যৌতুকজনিত হিংসা আৰু ১০৪টা নাৰী উৎপীড়নৰ গোচৰ ৷