নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ডেজার্ট নাইট–২১’ অনুশীলনত ৰাফেল ব্যৱহাৰ কৰিব বায়ুসেনাই

নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ আগন্তুক ২০ আৰু ২৪ জানুৱাৰীত যোধপুৰৰ বায়ুসেনা ঘাটীত হ’বলগীয়া ফ্রান্স আৰু ভাৰতৰ ‘ডেজার্ট নাইট–২১’ অনুশীলনত ৰাফেল যুদ্ধ বিমানো ব্যৱহাৰ কৰিব ভাৰতে৷ আজি প্রতিৰক্ষা মন্ত্রালয়ে সদৰী কৰিছে এই তথ্য৷ ভাৰতীয় বায়ুসেনা আৰু ফৰাচী বায়ু তথা মহাকাশ বাহিনীৰ তৰফৰ পৰা এই দ্বিপাক্ষিক সামৰিক অনুশীলন চলোৱা হ’ব৷ স্মর্তব্য যে ভাৰতীয় বায়ুসেনাই কেইমাহমান পূর্বে লাভ কৰিছে অত্যাধুনিক ৰাফেল যুদ্ধ বিমান৷ এই অনুশীলনত ফ্রান্সে ৰাফেল, এয়াৰবাছ এ–৩৩০ মাল্টি–ৰোল টেংকাৰ ট্রেন্সপ’ট, এ–৪০০এম টেক্টিকেল ট্রেন্সপ’ট বিমান ব্যৱহাৰ কৰিব৷ ফৰাচী বাহিনীৰ ১৭৫গৰাকী কর্মী তথা বিষয়াই এই অনুশীলনত অংশগ্রহণ কৰিব বুলিও প্রতিৰক্ষা মন্ত্রালয়ে স্পষ্ট কৰিছে৷ ইফালে, ভাৰতীয় বায়ুসেনাই ৰাফেলৰ উপৰি মিৰেজ–২০০০, ছুখ’ই–৩০, এনকেআই, আইএল–৭৮ ফ্লাইট ৰিফুৱেলিং বিমান আদি ব্যৱহাৰ কৰিব অনুশীলনত৷

You might also like